বেটুপাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিৰ্বাচিত প্ৰবন্ধ
নিৰ্বাচিত প্ৰবন্ধ
সংঘৰ্ষৰ সূত্ৰপাত হোৱা মণিপুৰৰ চুড়াচান্দপুৰ জিলা।

মণিপুৰ সংঘৰ্ষ ২০২৩ (ইংৰাজী: 2023 Manipur violence) হৈছে ২০২৩ চনৰ ৩ মে' তাৰিখে ভাৰতৰ উত্তৰ-পূব ৰাজ্য মণিপুৰত সংখ্যাগৰিষ্ঠ মেইতেই জনগোষ্ঠী আৰু জনজাতীয় কুকি আৰু জ' জনগোষ্ঠীৰ মাজত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষ। ইম্ফল উপত্যকাত বসবাস কৰা মেইতেই জনগোষ্ঠীৰ লোকসকল সংখ্যাগৰিষ্ঠভাবে হিন্দু ধৰ্মাৱলম্বী আৰু কাষৰীয়া পাহাৰীয়া অঞ্চলত বসবাস কৰা কুকি আৰু জ'সকল মূলতঃ খ্ৰীষ্টান ধৰ্মাৱলম্বী। এই সংঘৰ্ষৰ ফলত কমেও ৭০ গৰাকী ব্যক্তি নিহত আৰু কমেও ২৪০ গৰাকী ব্যক্তি আহত হয়। মণিপুৰ উচ্চ ন্যায়ালয়ে মণিপুৰ চৰকাৰক মেইতেই সম্প্ৰদায়ক অনুসূচীত জনজাতি হিচাপে মনোনীত কৰিবলৈ নিৰ্দেশ প্ৰদানৰ প্ৰতিবাদত সদৌ মণিপুৰ জনজাতি ছাত্ৰ সন্থায়ে আহ্বান জনোৱা "জনজাতি সংহতি যাত্ৰা"ৰ সময়ত চুড়াচান্দপুৰ জিলাত এই সংঘৰ্ষৰ সূচনা হৈছিল। সংঘৰ্ষৰ পিছত আইন-শৃংখলা পুনৰুদ্ধাৰৰ বাবে প্ৰায় ১০,০০০ সৈন্য আৰু অৰ্ধসামৰিক বাহিনী মণিপুৰত মোতায়ন কৰা হয়। ৰাজ্যখনত ইণ্টাৰনেট সেৱা পাঁচ দিনৰ বাবে বন্ধ কৰি দিয়া হয় আৰু ভাৰতীয় দণ্ডবিধিৰ ১৪৪ নং ধাৰা প্ৰয়োগ কৰা হয়। উত্তপ্ত পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ ভাৰতীয় সৈন্যক "চৰম ক্ষেত্ৰত" সান্ধ্য আইন বলবৎ কৰিবলৈ "শ্বুট অন চাইট"ৰ নিৰ্দেশ দিয়া হৈছিল।

(ইয়াত বিতংকৈ পঢ়ক)
আপুনি জানেনে?
আপুনি জানেনে...
অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন
  • ...যে ১৯৮৪ চনৰ এপ্ৰিল মাহত মৌচাক আলোচনীখন প্ৰথম প্ৰকাশ হৈছিল?
  • ...যে ছিক্কিমে ১৯৭৫ চনত পূৰ্ণাঙ্গ ৰাজ্যৰ স্বীকৃতি পাইছিল?
নিৰ্বাচিত চিত্ৰ
নিৰ্বাচিত চিত্ৰ
পৌৰাণিক কাইথেলী অসমীয়া লিপিত লিখিত দক্ষিণপাট সত্ৰত সংৰক্ষিত ভাগৱতৰ এখন সচিত্ৰ সাঁ‌চিপাতৰ পৃষ্ঠা।
সাঁচিপাত হৈছে "সাঁচিগছ"(Aquilaria agallocha)ৰ ছালৰ পৰা তৈয়াৰ কৰা মধ্যযুগীয় অসমত ব্যৱহৃত এক লেখন সামগ্ৰী। মূলতঃ এইবোৰ আছিল হাতেলিখা পুথি (manuscript)। ঐতিহাসিক দৃষ্টিকোণৰে অসমত সাঁচিপাতৰ ব্যৱহাৰ প্ৰায় সপ্তম-অষ্টম খ্ৰীষ্টীয় শতিকাৰপৰাই আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে।

আলোকচিত্ৰ শিল্পী: Msasag
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...


পৰিচিতি
"ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। "ৱিকিমিডিয়া ফাউণ্ডেশ্যনে" ২০০১ চনত প্ৰথমতে ইংৰাজী ৱিকিপিডিয়াৰপৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে প্ৰায় ৪০ নিযুত প্ৰবন্ধ সম্বলিত ৩০১ টা ভাষাৰ ৱিকিপিডিয়া মুকলি হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ৫০০ নিযুত মানুহে ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব।

এই ৱিকিপিডিয়াবোৰত তথ্যৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে যিকোনো ৱিকিপিডিয়াৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি।

ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়াৰ তত্বাৱধানত ৱিকিচ’ৰ্ছ (ৱিকিউৎস), ৱিক্স্যনেৰী (ৱিকি-অভিধান), ৱিকিনিউজ (ৱিকিসংবাদ) আদি বিভিন্ন সহ-উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।

সহায়
ৱিকিপিডিয়ানৰ হাতপুথি
সাহায্য

আদৰণি · পাতনি · পৰিচয় · সহায়িকা · সমল · সাহায্য কেন্দ্ৰ · প্ৰশ্নসমূহ · অৰ্থকোষ · নতুন প্ৰবন্ধ সৃষ্টি · টাইপিং · পুৰীয়া

নীতি আৰু নিৰ্দেশাৱলী

নীতি আৰু নিৰ্দেশাৱলী · পঞ্চস্তম্ভ · ৱিকিপিডিয়া কি নহয় · নিৰপেক্ষ দৃষ্টিভংগী · উল্লেখযোগ্যতা · মৌলিক গৱেষণাৰহিত লেখা · কপিৰাইট · বিশ্বাসযোগ্যতা · সম্পাদনা নীতি · দায়লুপ্তি

আচৰণবিধি

শিষ্টাচাৰ · ব্যক্তিগত আক্ৰমণ নকৰিব · হাৰাশাস্তি · সম্পাদনা দ্বন্দ্ব · মতবিৰোধ সমাধান · ঐক্যমত · ধ্বংসপ্ৰৱণতা

বিষয় সূচী
অসম

অসম · অসমৰ জিলা · ভাষা আৰু লিপি · লোক-সংস্কৃতি · জনগোষ্ঠী · বুৰঞ্জী · প্ৰসিদ্ধ ব্যক্তি · অসমীয়া সাহিত্য · অসমৰ সংগীত · অসমৰ চলচ্চিত্ৰ · অসম সম্পৰ্কীয় প্ৰবন্ধসমূহৰ তালিকা

ভাৰত

ৰাজ্যসমূহ · ভাষাসমূহ · নদীসমূহ · সংস্কৃতি · উৎসৱ · বুৰঞ্জী · ৰাজনীতি · প্ৰসিদ্ধ ব্যক্তি · শিক্ষা

দেশ-বিদেশ

মহাদেশ · ৰাষ্ট্ৰসমূহ · নগৰ-মহানগৰ · পৰ্যটন

মানৱ বিজ্ঞান

কলা · অৰ্থনীতি · ৰাজনীতি বিজ্ঞান · সমাজবিদ্যা · ভূগোল · ইতিহাস আৰু প্ৰাক-ইতিহাস · ভাষা বিজ্ঞান · দৰ্শন · শিক্ষা

সাহিত্য আৰু সংস্কৃতি

সাহিত্য · সংগীত · ধৰ্ম · বঁটা আৰু সন্মান

জীৱনী

অসমৰ প্ৰসিদ্ধ ব্যক্তি · ভাৰতৰ প্ৰসিদ্ধ ব্যক্তি · বিজ্ঞানী‎ · চলচ্চিত্ৰ শিল্পী · কণ্ঠশিল্পী‎ · সকলো

বিজ্ঞান

গণিত · পদাৰ্থ বিজ্ঞান · ৰসায়ন বিজ্ঞান · প্ৰাণীজগত · উদ্ভিদজগত · চিকিৎসা বিজ্ঞান · জ্যোতিৰ্বিজ্ঞান · কম্পিউটাৰ বিজ্ঞান · প্ৰযুক্তি · পৰিৱেশ বিজ্ঞান · নৃতত্ব · পূৰাতত্ব

মনোৰঞ্জন

বোলছবি · দূৰদৰ্শন · ভ্ৰাম্যমাণ থিয়েটাৰ · পাকঘৰ · ইণ্টাৰনেট · খেল

ৱিকিপিডিয়া

আৰম্ভণি · ৱিকিপিডিয়াৰ নীতি · ৰাইজৰ চ'ৰা · শেহতীয়া ঘটনাৱলী · অৰ্থকোষ · পৰীক্ষাগাৰ · অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকা

অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ: (বিতং তথ্য:):