লালু

লেখক- কলচুম বিবি

গল্পকাৰ-শৰৎ চন্দ্ৰ চট্টোপাধ্যায়
অনুবাদ- কলচুম বিবি

শৈশৱত মোৰ লালু নামৰ এজন বন্ধু আছিল । অৰ্ধ শতাব্দীৰ পূৰ্বে- অৰ্থাৎ, এয়া ইমান বছৰ আগতে যে তোমালোকে ঠিকমতে ধাৰণা কৰিব নোৱাৰিবা- আমি এখন সৰু বঙালী স্কুলৰ একেটা শ্ৰেণীত পঢ়িছিলোঁ । তেতিয়া আমাৰ বয়স দহ-এঘাৰ। মানুহক ভয় খুওৱাৰ, জব্দ কৰাৰ কিমান যে কৌশল তাৰ মূৰত আছিল, তাৰ হিচাপ নাই। তাৰ মাকে ৰবৰৰ সাপ দেখি এবাৰ এনেকুৱা বিপদত পৰিছিল যে তেওঁৰ ভৰি মোচোকা খাই প্ৰায় সাত-আঠদিন খোৰাই খোৰাই চলিব লগা হৈছিল। তেওঁ খঙেৰে তাৰ বাবে এজন মাষ্টৰ ঠিক কৰি দিবলৈ কৈছিল। গধুলি সময়ত আহি পঢ়াবলৈ বহিব, সি আৰু উপদ্ৰৱ কৰিবলৈ সময় নাপাব।

তাকে শুনি লালুৰ দেউতাকে একেষাৰে ‘না’ বুলি ক’লে। তেওঁৰ নিজৰ কেতিয়াও মাষ্টৰ নাছিল। নিজৰ চেষ্টাৰে অনেক দুখ সহ্য কৰি লিখা-পঢ়া কৰি এতিয়া তেওঁ এজন ডাঙৰ উকিল। ইচ্ছা আছিল, ল’ৰায়ো তেনেকৈয়ে বিদ্যা লাভ কৰক। কিন্তু, চৰ্ত হ’ল এই যে যেতিয়াই লালু ক্লাছৰ পৰীক্ষাত প্ৰথম হ’বলৈ নোৱাৰিব, তেতিয়াৰ পৰাই তাৰ ঘৰত টিউটৰ থাকিব। তাৰ পৰা লালুই পৰিত্ৰাণ পালে। কিন্তু, মনে মনে থাকিলেও মাকৰ ওপৰত তাৰ খং উঠিল কাৰণ তেওঁ তাৰ ডিঙিত মাষ্টৰ এজন ওলোমাবলৈ চেষ্টা কৰিছিল। সি জানে, ঘৰলৈ মাষ্টৰ মাতি অনা আৰু পুলিচ মাতি অনা একে কথা।

লালুৰ দেউতাক ধনী গৃহস্থ। কেবাবছৰো হ’ল, পুৰণি ঘৰটো ভাঙি তেওঁ তিনিমহলীয়া ঘৰ এটা কৰিছে। সেই তেতিয়াৰ পৰা লালুৰ মাকৰ আশা, গুৰুদেৱক এইখন ঘৰলৈ আনি তেখেতৰ পদধূলি ল’ব। কিন্তু তেওঁ বৃদ্ধ। ফৰিদপুৰৰ পৰা ইমানদূৰ আহিবলৈ তেওঁ ৰাজী নহয়। কিন্তু, এইবাৰ সেই সুযোগ তেওঁ পাইছে। ‘স্মৃতিৰত্ন সূৰ্যগ্ৰহণ’ উপলক্ষে তেওঁ কাশীলৈ আহিছিল। তাৰ পৰাই তেওঁ লিখি পঠিয়াইছে- উভতি যাওঁতে নন্দৰাণীক আশীৰ্বাদ দি যাব। লালুৰ মাকৰ হিয়া উলাহে নধৰা হ’ল। তেওঁ আয়োজনত ব্যস্ত। তাতে, তেওঁৰ ইমানদিনৰ মনোকামনা পূৰ্ণ হ’ব, গুৰুদেৱৰ পদধূলি পৰিব, ঘৰখন পৱিত্ৰ হৈ পৰিব।
তলৰ ডাঙৰ কোঠাৰ পৰা আচ-বাব অনা হ’ল, নতুন ফিটাৰ খাট, নতুন শয্যা সাজু কৰা হ’ল, গুৰুদেৱ তাতে শুব। এই কোঠাটোৰ এটা চুকতে তেওঁৰ পূজা-নৈবেদ্যৰ ঠাই কৰা হ’ল কাৰণ তিনিমহলাৰ গোঁসাইঘৰত উঠা-নমা কৰোঁতে তেওঁৰ কষ্ট হ’ব।
কেইদিনমান পিছত গুৰুদেৱ আহি উপস্থিত হ’লহি। কিন্তু, কি বিপদ, আকাশত ক’লীয়া মেঘৰ অগা-ডেৱা, যেনে ঢেৰেকনী তেনে বৰষুণ- অবিৰাম গতিত।

ইফালে, পৰমান্ন প্ৰস্তুত কৰোঁতে, ফল-ফুল সজাওঁতে লালুৰ মাকে উশাহ ল’বলৈ সময় পোৱা নাই। তাৰ মাজতে নিজ হাতে জাৰি-জোকাৰি আঁঠুৱা তৰি বিচনাখন কৰি দিলে। নানা ধৰণৰ কথা-বাৰ্তা পাতোঁতে পাতোঁতে ৰাতিয়েই হ’ল। ক্লান্ত গুৰুদেৱে ভালদৰে আহাৰ আদি গ্ৰহণ কৰি বিচনা ল’লে। দাস-দাসীবোৰে ছুটী পালে। সুকোমল পৰিপাটী বিচনা পাই প্ৰসন্ন হৈ গুৰুদেৱে মনে মনে নন্দৰাণীক আশীৰ্বাদ দিলে।

কিন্তু, গভীৰ নিশা অকস্মাত তেখেতৰ টোপনি ভাঙি গ’ল। ঘৰৰ ছাদ ফুটা হৈ আঠুৱাৰ ফাঁকেৰে তেওঁৰ সুপৰিপুষ্ট পেটৰ ওপৰত পানী পৰিছে। উঃ কি ঠাণ্ডা সেই পানী! ব্যস্ততাৰে বিচনাৰ বাহিৰলৈ আহি পেটটো তেওঁ মচি পেলালে। ক’লে, নন্দৰাণীয়ে নতুন ঘৰ সজালে, কিন্তু পশ্চিমৰ চোকা ৰ’দে ছাদখন মাজতেই ফুটালে। ফিটাৰ খাট গধুৰ নহয়, আঠুৱাৰে সৈতে কোঠাটোৰ আনটো ফাললৈ টানি লৈ গৈ তেওঁ আকৌ শুই পৰিল। কিন্তু, আধা মিনিটৰ বেছি নহয়, দুচকুৱে সকলো বুজিছেই। আকৌ, তেতিয়াৰ দৰেই দুই-চাৰি টোপাল ঠাণ্ডা পানী টপটপকৈ পেটৰ ঠিক সেই স্থানৰ ওপৰতে সৰি পৰিল। স্মৃতিৰত্ন আকৌ উঠিল, আকৌ খাটখন টানি আনফালে লৈ গ’ল। ক’লে, এহ্ ছাদখন দেখিছোঁ ইফালৰ পৰা সিফাললৈ গোটেই ফাটি গৈছে। আকৌ শুলে, আকৌ পেটৰ ওপৰত পানী পৰিল। আকৌ উঠি পেটৰ পানীখিনি মচি খাটখন টানি আন এফালে লৈ গ’ল। কিন্তু, সেইফালেও তেনেকুৱাই। এইবাৰ দেখিলে, বিচনাখনো ভিজিছে, মানে শোৱাৰ অৱস্থাত সেইখন নাই। স্মৃতিৰত্ন বিপদত পৰিল। বুঢ়া মানুহ। অচিনাকি ঠাইত দুৱাৰ খুলি বাহিৰলৈ যাবলৈও ভয় কৰে। আকৌ, তাত থকাটোও বিপজ্জনক। ফাটি থকা ছাদখন যদি ভাঙি মূৰৰ ওপৰতে পৰি যায়! ভয়ে ভয়ে দুৱাৰ খুলি বাৰাণ্ডালৈ তেওঁ ওলাই আহিল। অৱশ্যে, সেইফালে লণ্ঠন এটা জ্বলি আছে। কিন্তু কোনো ক’তো নাই। চাৰিওফালে ঘোৰ আন্ধাৰ।

যিদৰে বৰষুণ পৰিছে, সেইদৰে বতাহো বলিছে। থিয় হোৱাৰ উপায় ক’ত! দাস-দাসী ক’ত, কোনটো কোঠাত সিহঁত শোৱে- তেওঁ একোৱেই নাজানে। চিঞৰি মাতিলে, কিন্তু কাৰো সাৰসুৰ নাই। এফালে এখন বেঞ্চ আছিল, লালুৰ দেউতাকৰ যিসকল দুখীয়া মক্কেল, তেওঁলোক আহি তাতে বহেহি । গুৰুদেৱ অগত্যা তাতেই বহিল। আত্মমৰ্যদাৰ যথেষ্ট লাঘব হ’ল বুলি তেওঁৰ অন্তৰে অনুভৱ কৰিলে। কিন্তু, উপায় কি! উত্তৰে বতাহে বৰষুণৰ ছিটিকণিৰ আমেজ লৈছে- জাৰত গা শিৰশিৰাই উঠিছে- ধূতিৰ এটা অংশ গাত মেৰিয়াই, ভৰি দুখন যথাসম্ভৱ ওপৰত তুলি, আৰাম কৰিবলৈ তেওঁ আয়োজন চলালে । নানা ধৰণৰ অৱসাদ আৰু দুৰ্বিপাকত দেহ অৱশ, মন তিক্ত, টোপনিত চকুৰ পতা গধুৰ, অনভ্যস্ত গুৰুভোজন আৰু ৰাত্ৰি জাগৰণে দুই এটা অম্ল উগাৰৰো আভাস দিলে। সেই সময়তে হঠাৎ অভাৱনীয়ভাৱে নতুন উপদ্ৰৱ এটিৰ আৰম্ভ হ’ল। দুয়োখন কাণৰ ওচৰলৈ ডাঙৰ ডাঙৰ মহ আহি গীত জুৰিবলৈ ধৰিলেহি। চকুৰ পতা খোল খাবলৈ নিবিচাৰে, কিন্তু মন শঙ্কাৰে ভৰি পৰিল- ইহঁতৰ সংখ্যাই বা কিমান, কোনে জানে! মাত্ৰ দুই মিনিটতে অনিশ্চিত বুলি নিশ্চিত হ’ল। গুৰুদেৱে বুজিলে, সংখ্যাত ইহঁত অগণন। সেই বাহিনীক অৱজ্ঞা কৰিব পৰা এই বিশ্বত কোনো বীৰপুৰুষ নাই। সিহঁতৰ জ্বলা-পোৰা যেনে, খজুৱতিও
তেনে। স্মৃতিৰত্নই দ্ৰুতবেগেৰে সেই স্থান ত্যাগ কৰিলে। কিন্তু, সিহঁতক তেওঁ লগতে লৈ গ’ল। ঘৰৰ ভিতৰত পানীৰ বাবে যেনে অৱস্থা, বাহিৰত ম’হৰ বাবে তেনেই অৱস্থা। হাত-ভৰিৰ নিৰন্তৰ লৰচৰ আৰু গামোচাৰ সঘন সঞ্চালনেও কোনোপধ্যেই সিহঁতৰ আক্ৰমণ প্ৰতিহত কৰিব নোৱাৰিলে। স্মৃতিৰত্নই ইফালৰ পৰা সিফাললৈ তীব্ৰ বেগেৰে অহা-যোৱা কৰিব ধৰিলে। ঠাণ্ডাৰ মাজতো তেওঁৰ দেহৰ পৰা ঘাম বাহিৰ হ’ল। চিৎকাৰ কৰিবলৈ মন গৈছিল। কিন্তু, শিশুসুলভ আচৰণ হ’ব বুলি ভাবি তাৰ পৰা তেওঁ বিৰত থাকিল। তেওঁ কল্পনা কৰি দেখিলে, নন্দৰাণী সুকোমল শয্যাত আঠুৱাৰ ভিতৰত আৰামেৰে শুই আছে, ঘৰৰ য’ত যি আছে, নিশ্চিন্তমনেই শুই আছে- একমাত্ৰ তেওঁৰেই দৌৰাদৌৰিৰ বিৰাম নাই। ক’ৰবাৰ ঘড়ীত চাৰিটা বাজিল। তেওঁ ক’লে- কামোৰ, বাচাসকল যিমান পাৰি সিমান কামোৰ- মই আৰু নোৱাৰোঁ। – এইবুলি বাৰান্দাৰ এটা চুকত পিঠিৰ ফালটো যিমান সম্ভৱ বচাই তেওঁ আউজি বহিল। ক’লে, ৰাতিপুৱা পৰ্যন্ত যদি বাচি থাকোঁ, তেন্তে এই দুৰ্ভাগ্যৰ দেশত আৰু নাথাকোঁ। যিখন গাড়ী প্ৰথমে পাম, সেইখন গাড়ীতে ঘৰলৈ পলাম। কিয় যে ইয়ালৈ আহিবলৈ মন নাছিল, এতিয়াহে বূজিলোঁ। চাওঁতে চাওঁতে সৰ্বোৎকৃষ্ট টোপনিয়ে তেওঁৰ গোটেই ৰাতিৰ সমস্ত দুখ মচি দিলে,-
স্মৃতিৰত্ন অচেতনপ্ৰায় হৈ টোপনি গ’ল।

ইফালে, গুৰুদেৱৰ পৰিচৰ্যা কৰিবৰ বাবে নন্দৰাণী পোহৰ নহওঁতেই উঠিল। ৰাতি গুৰুদেৱে কেৱল জলযোগ কৰিছে । যদিও সেয়া গুৰুত্বপূৰ্ণ, তথাপিও মনৰ মাজত ক্ষোভ আছিল। খোৱা ইমান ভাল হোৱা নাই। আজি দিনৰ বেলাত নানা ধৰণৰ উপচাৰেৰে সেই অভাৱ পূৰণ কৰিব লাগিব।
তললৈ নামি আহিল, দুৱাৰ খোলা দেখিলে। গুৰুদেৱ তেওঁৰ আগেয়ে উঠিছে বুলি ভাবি অলপ লজ্জা অনুভৱ কৰিলে। কোঠাৰ ভিতৰলৈ জুমি চাই দেখে, তেওঁ নাই। কিন্তু, এয়া কি কাণ্ড! দক্ষিণ ফালৰ খাট উত্তৰ ফালে, তেওঁৰ কাপোৰৰ বেগটো খিৰিকীৰ সলনি মাজলৈ নামি আহিছে, ঘট, আসন প্ৰভৃতি পুজাহ্নিকৰ সামগ্ৰীসমূহ ইফালে সিফালে সিঁচৰতি হৈ আছে। তাৰ কাৰণ তেওঁ কিন্তু একো নুবুজিলে। বাহিৰলৈ আহি চাকৰকেইজনক মাতিলে। সিহঁতৰো কোনো তেতিয়ালৈ উঠা নাছিল। তেনেহ’লে গুৰুদেৱ অকলে ক’লৈ গ’ল? হঠাৎ দৃষ্টিগোচৰ হ’ল- সেইটো কি? এটা চুকত আলো-আন্ধাৰত মানুহৰ দৰে কিবা এটা বহি আছে! সাহস কৰি অলপ কাষলৈ গৈ জুমি চাই দেখিলে, তেওঁৰ গুৰুদেৱ। অব্যক্ত আশঙ্কাত তেওঁ চিঞৰি উঠিল, গোসাঁই প্ৰভু! গোসাঁই প্ৰভু!
টোপনি ভাঙি যোৱাত স্মৃতিৰত্নই চকু মেলি চালে, তাৰ পিছত লাহে লাহে পোন হৈ বহিল । নন্দৰাণীয়ে ভয়, শঙ্কা আৰু লাজত কান্দি কান্দি সুধিলে, “গোসাঁই প্ৰভু, আপুনি ইয়াতে কিয়?”
স্মৃতিৰত্নই থিয় হৈ ক’লে, “গোটেই ৰাতি দুখৰ সীমা নাছিল, মা!”
“কিয়, বাবা?”
“নতুন ঘৰ কৰিব লাগে, মা। কিন্তু, ছাদখন ক’তো অভগ্ন হৈ থকা নাই। ৰাতিৰ সমস্ত বতাহ-বৰষুণ বাহিৰত পৰা নাই, পৰিছে মোৰ গাৰ ওপৰত। খাটখন টানি যিফালে লৈ যাওঁ, সেইফালেই পানী পৰে। পিছে, ছাদ ভাগি মূৰতে পৰিব বুলি বাহিৰলৈ ওলাই আহিলোঁ। কিন্তু, তাতো ৰক্ষা নাপালোঁ, মা। ফৰিঙৰ জাকৰ দৰে মহ-ডাঁহ জাকে জাকে আহি গোটেই ৰাতি আক্রমণ কৰিছে। ইফালৰ পৰা দৌৰি সিফালে যাওঁ। আকৌ, সিফালৰ পৰা দৌৰি ইফালে আহোঁ । দেহৰ আধা তেজ হয়তো নাই, মা।”
বহু প্ৰয়াস, বহুত সাধ্য-সাধনাৰে ঘৰলৈ অনা গুৰুদেৱৰ অৱস্থা দেখি নন্দৰাণীৰ দুচকু সজল হৈ উঠিল। ক’লে- “কিন্তু বাবা, ঘৰটো যে তিনিমহলীয়া। আপোনাৰ কোঠাৰ ওপৰত যে আৰু দুটা কোঠা আছে। বৰষুণৰ পানী তিনিখন ছাদ ফুটা হৈ কেনেকৈ পৰিব?”
কিন্তু, কৈ থাকোঁতেই হঠাৎ তেওঁৰ ভাব হ’ল, এয়া হয়তো সেই চয়তান লালুৰ কোনোধৰণৰ চয়তানি বুদ্ধিহে। দৌৰি গৈ বিছনা খেপিয়াই দেখিলে, মাজত চাদৰখন বহুতখিনি ভিজা আৰু আঠুৱাৰ পৰা টোপ টোপকৈ পানী পৰিছে। লৰালৰিকৈ নামি গৈ দেখিলে, কাপোৰেৰে বন্ধা এটুকুৰা বৰফ, গোটেইটো গলা নাই, এটুকুৰা এতিয়াও বাকী আছে। পাগলৰ দৰে দৌৰি বাহিৰলৈ ওলাই আহি দাসকেইজনৰ যাকে সম্মুখত পালে তাকে চিঞৰি হুকুম দিলে- হাৰামজাদা লালু ক’ত? কাম-বন ৰসাতলে যাওক! বদমাছটোক য’তেই পোৱা, তাতেই ধৰি মাৰি মাৰি লৈ আন!
লালুৰ দেউতাক সেইসময়ত তললৈ নামিছিলহে মাত্ৰ, পত্নীৰ কাণ্ড দেখি হতবাক হৈ গ’ল- বোলে, কি কৰিছা? হৈছেনো কি?
নন্দৰাণীয়ে কান্দি কান্দি ক’লে, হয় তোমাৰ লালুক ঘৰৰ পৰা আঁতৰ কৰা, নহ’লে আজিয়েই মই গঙ্গাত ডুবি এই মহাপাপৰ প্ৰায়শ্চিত্ত কৰিম।
কি কৰিলে সি?
বিনা দোষত গুৰুদেৱৰ কি দশা কৰিছে, নিজ চকুৰেই চোৱা। তেতিয়া সকলোৱে কোঠাৰ ভিতৰলৈ গ’ল। নন্দৰাণীয়ে সকলো ক’লে, সকলো দেখুৱালে। তেওঁ স্বামীক ক’লে, এই দস্যু ল’ৰাটোক লৈ কেনেকৈ ঘৰ কৰিম তুমিয়েই কোৱা?
গুৰুদেৱে সমস্ত ঘটনা বুজি পালে আৰু নিজৰ বুদ্ধিহীনতাৰ বাবে হাঃ হাঃ কৰি হাঁহি পেলালে।
লালুৰ দেউতাকে আনফালে মুখ ঘুৰাই থিয় হৈ থাকিল।
চাকৰবোৰে আহি ক’লে, লালুবাবু ক’তো নাই। আৰু এজন আহি জনালে, সি মাহীয়েকৰ ঘৰত বহি কিবা খাই আছে। মাহীয়েকে তাক আহিবলৈকে নিদিলে।
মাহীয়েক মানে নন্দৰ সৰু ভনী। তেওঁৰ স্বামীও উকিল, সিহঁত আন এটা চুবুৰীত থাকে।
ইয়াৰ পিছত লালুই পোন্ধৰ দিন মানলৈ এইখন ঘৰৰ সীমাত ভৰিকে নিদিলে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!