মাৰ্বল খেলটো বাৰু এদিন হেৰাই যাব নেকি?
লেখক- ভীস্ম হাজৰিকা
আজিৰ ল‘ৰা–ছোৱালীৰ লগত মাৰ্বল খেলৰ বৰ বিশেষ এটা সম্পৰ্ক নাই চাগৈ। সৰু ল‘ৰা–ছোৱালীৰ মনোগ্ৰাহী হোৱাকৈ টিভিৰ কেইবাটাও চেনেলত দপদপাই থকা বিভিন্ন ধৰণৰ কাৰ্টুন চৰিত্ৰ, মোবাইলৰ স্ক্ৰীনত সততে ভাহি থকা অতি আকৰ্ষণীয় ভিডিঅ‘গেম, আদিবোৰৰ জাকজমকতাত আজি মাৰ্বল খেলৰ অস্তিত্ব প্ৰায় নাইকিয়া হোৱাৰ উপক্ৰম ঘটিছে। কিন্তু আমাৰ ছাত্ৰ জীৱনত মাৰ্বল খেলটো জীৱনৰ যেন এক অবিচ্ছেদ্য অংগ আছিল। ল‘ৰালি কালৰ কথা মনলৈ আহিলেই চকুৰ আগত প্ৰথম ভাহি উঠে মাৰ্বল খেলৰ কথা…..
পুৱা শুই উঠি নিয়মমাফিক এঘণ্টামান পঢ়া–শুনা কৰিয়েই পঢ়া আজৰি। কেতিয়া মা–দেউতাক আৰু ওচৰ–চুবুৰীয়াক মই ইতিমধ্যে কিতাপ মেলিলো বুলি বিশ্বাস জন্মাবলৈ অপ্ৰয়োজনীয়ভাৱে কোনো এটা পাঠ চিঞৰি চিঞৰি পঢ়িছিলো। তাতে যদি কোনোবাই কোৱা মোৰ কাণত পৰে যে অমুকাই কিতাপ পঢ়িলেই, আমাৰ ই শুই উঠাই নাই, তেতিয়াহ‘লে আৰু কথাই নাই। মোৰ উৎসাহ দুগুণে চৰি যায়। কিন্তু অলপ সময়ৰ বাবেহে, নিজৰ লাইনলৈ আহিবলৈ বেছি পৰ নালাগে। কেতিয়াবা কিবা এটা পাঠ আয়ত্ৱ কৰাতকৈ কোনে কিমান উচ্চস্বৰে পঢ়িব পাৰে তাৰ প্ৰতিযোগিতা চলে, কিছু সময়ৰ পাছত পৰিৱেশ নিজে নিজে শান্ত হৈ পৰে। প্ৰায় এঘণ্টামানৰ পাছত ইতিমধ্যে মা–দেউতাৰ বিশ্বাস হয়গৈ যে ই কিবা এটা পঢ়িলে বুলি, কিন্তু পঢ়োঁতাৰ মূৰতহে একো নোসোমায়। পঢ়া শেষ কৰিয়েই য‘ৰ বস্তু তাতে এৰি ঊৰ্ধ্ৱশ্বাসে পদূলি মুখলৈ দৌৰ মাৰো। সময় বৰ কম, অলপো সময় নষ্ট কৰিব নোৱাৰি। মোৰ ওচৰ চুবুৰীয়া সমনীয়াবোৰৰো প্ৰায় একেই কাহিনী। আটাইবোৰে কোনোবা এঘৰৰ পদূলি মুখত গোট খাওহি। দীঘল পৰিপাটী পদূলি, আমি শুই উঠাৰ আগতে গাঁৱৰ জীয়ৰী–বোৱাৰীয়ে নিজৰ ঘৰৰ দীঘল পদূলিবিলাক নিয়াৰিকৈ সাৰি থয়। কতো অকণো অপৰিচ্ছন্নতা নাই।
আটাইবোৰ তাত লগ হোৱাৰ পাছতেই আৰম্ভ হয় আমাৰ পৰম আকাংক্ষিত মাৰ্বল খেল। কেতিয়াবা শুই উঠা দেৰি হ‘ব পাৰে, কেতিয়াবা পঢ়া–শুনা কমকৈ হ‘ব পাৰে, কিন্তু মাৰ্বল খেলৰ আৰম্ভণিৰ হীন–দেৰি নহয়। সকলো সময়মতে উপস্থিত, মাৰ্বল নহয় যেন ভাৰতীয় সেনাৰ পেৰেড। প্ৰত্যেকদিনে একে ৰুটিনৰ পুনৰাবৃত্তি, তথাপিও কিয় জানো আমাৰ মাৰ্বল খেলৰ প্ৰতি ইমান দুৰ্বলতা আছিল! যিদিনা বৰষুণ দিছিল সেইদিনা ঘৰৰ পৰা ওলাব নোৱাৰি মনৰ ভিতৰতে গুজৰি–গুমৰি আছিলো। বৰুণ দেৱতাৰ বংশ পৰিয়াল সকলোকে শাওপাত দিছিলো আমাৰ খেলত ব্যাঘাত জন্মোৱাৰ বাবে। কিন্তু পিছ মুহূৰ্ততে মনে মনে বৰষুণ এৰিবলৈ প্ৰাৰ্থনাও কৰি আছিলো। কিন্তু মোৰ সকলো শাওপাত, প্ৰাৰ্থনা আওকাণ কৰি কোনোবা এটা দিন বৰুণ দেৱতা একেৰাহে গৰজিয়ে থাকিছিল, হয়তো মোৰ নিচিনা এজনৰ ধৃষ্টতা বৰুণ দেৱতাই সহ্য কৰিব পৰা নাছিল। কেতিয়াবা একেলেথাৰিয়ে কেইবাদিনো দিয়া বৰষুণৰ ফলত হোৱা বোকাময় পদূলিবোৰে আমাৰ খেল সাময়িকভাৱে স্থগিত ৰাখিবলৈ বাধ্য কৰাইছিল। খেল পূৰ্ণ গতিত চলি থাকে, বাহিৰৰ পৃথিৱীত কি ঘটি আছে আমাৰ চাবলৈ সময় নাই। আমাৰ খেল চলি থকাৰ মাজতেই ঘৰৰ পৰা এক দীঘলীয়া চিঞৰ মাৰি খেল বন্ধ কৰিবলৈ প্ৰথম সকীয়নি দিয়ে। প্ৰথম বাৰত আমি লৰচৰেই নহও, গৈছো বুলি এক সন্মতিসূচক উত্তৰ দি আকৌ খেলাত লাগি যাওঁ। দ্বিতীয়বাৰো একেই কথা। প্ৰায় চাৰি–পাঁচবাৰ মানৰ সকিয়নি আৰু লগতে ওচৰৰ কাৰোবাৰ ঘৰৰ ৰেডিঅ‘ৰ পৰা ভাহি অহা আঞ্চলিক বাতৰিয়ে আমাৰ খেল বন্ধ কৰে। আঞ্চলিক বাতৰি কাণত পৰাৰ পাছত আৰু আমি ৰৈ নাথাকো। কাৰ কিমান লাভ হ‘ল তাৰ এটা মোটামুটি হিচাপ লৈ সকলো ঘৰমুৱা হওঁ। লাভৰ পৰিমাণ বেছি হ‘লে মই বিশ্ৱজয়ী আলেকজেণ্ডাৰৰ দৰে ঘৰ সোমাওহি। কিন্তু কেতিয়াবা ভাগ্য সুপ্ৰসন্ন নহ‘লে মাৰ হাতৰ এছাৰিৰ পৰা আলেকজেণ্ডাৰেও ৰেহাই নেপাইছিল। মাৰ অতিমাত্ৰা ব্যস্ত দিনটো বাদ দিলে বাকী দিনকেইটাত গালি শপনি বা মাৰ খোৱাতো দৈনন্দিন ৰুটিনৰ ভিতৰত পৰিছিল। যিহেতু আমাৰ বিৰোধক কোনেও গুৰুত্ব নিদিছিল সেয়েহে আমাৰ কুমলীয়া মনে দৈনন্দিন গালি–শপনি বা মাৰ খোৱাটো এক দৈনিক সংস্কৃতি বুলি মানি লৈছিলো। ৩৮টা বসন্ত গৰকাৰ পাছতো মই আজিও বিচাৰি উলিয়াব পৰা নাই যে মই কেতিয়া মাৰ নোখোৱাকে আছিলো।
গালি–শপনি পৰ্ব শেষ হোৱাৰ পাছত নাকে মুখে ভাত দুটামান গুজি স্কুললৈ যাওঁ। তেতিয়াৰ দিনত স্কুলবিলাক পুৱা দহ বজাৰ পৰা আৰম্ভ হৈছিল। স্কুললৈ যাওঁতেও মাৰ অলক্ষিতে পকেটত দুটামান মাৰ্বল লৈ যাবলৈ নেপাহৰো। কি ঠিক, কেতিয়াবা দুজন শিক্ষকৰ একেলগে সকাম খাবলৈ যাবলগীয়া হবও পাৰে, তেতিয়া স্কুল সোনকালে ছুটী হয়। স্কুল সোনকালে ছুটী হোৱাৰ দিনা আমাক কোনে পায়। তেনেকুৱা দিনত মাৰ্বলৰ এটা ডাঙৰ উৎসৱ হয়। ঘৰলৈ ঘূৰি আহি ফলি–পুথি নিজৰ ঠাইত থলো কি নথলো আকৌ নাকে মুখে ভাত দুটামান সোমোৱাই মাৰ্বল খেলিবলৈ দৌৰ মাৰো। একেই খেল, একেবোৰেই সমনীয়া, একেই ঠাই, কোনো নতুনত্ব নাই। তথাপিও কিহৰ বাবে ইমান দুৰ্বাৰ আকৰ্ষণ মই আজিও বুজি নাপালো।
কিন্তু সদায় যে আমি মাৰ্বলে খেলো ঠিক তেনেকুৱাও নহয়। কিন্তু আমি খেলা সকলোবোৰ খেলৰ ভিতৰত মোৰ আটাইতকৈ প্ৰিয় খেলটোৱেই আছিল মাৰ্বল। মাৰ্বল খেল আমি বিশেষকৈ শীতৰ দিনবোৰত বেছি খেলিছিলো। তেতিয়া ৰাস্তা পথবোৰ শুকান হৈ থাকে। আজিৰ দৰে শিলগুটি দিয়া বা পকী ৰাস্তা প্ৰায় নাছিলেই। গতিকে যিকোনো কেঁচা ৰাস্তাতে আমি মাৰ্বল খেলিছিলো। মাৰ্বলৰ যিকোনো খেল খেলিবলৈ সৰ্বনিম্ন দুজনেই যথেষ্ট। অৱশ্যে প্ৰতিযোগী বেছি হ‘লে খেলৰ আনন্দৰ মাত্ৰাও বাঢ়ি যায়। তাতে লাভ–লোকচানৰ হিচাপ আছেই। যিজনৰ হাতত মাৰ্বলৰ সংখ্যা বেছি থাকে সেইজনৰ সামাজিক মৰ্য্যদাই বেলেগ হৈ পৰে। কেতিয়াবা বেছি থকাজনৰ পৰা খেলত হাৰি একেবাৰে নাইকিয়া হোৱা জনে দুটা মাৰ্বল ধাৰলৈ বিচাৰে। দিওঁতাজনে প্ৰথমে অলপ ফুটনি দেখুৱাই, তেওঁ বুজাবলৈ চেষ্টা কৰে যে কিমান কষ্টৰ বিনিময়ত তেওঁ মাৰ্বলকেইটা অৰ্জন কৰিছে। কিন্তু নিদিলে খেলৰ প্ৰতিযোগী কমি যোৱাৰ ভয়ত ধাৰলৈ দিয়ে, দিওঁতাই কাক কিমান ধাৰে দিছিল সেয়া কেতিয়াও নাপাহৰে। উচিত সময়ত মাৰ্বলৰ ধাৰ আদায় কৰে। খেল চলি থকাৰ মাজতে কেতিয়াবা দুজনমানৰ মাজত কিবা অংক নিমিলা হৈ তৰ্কা–তৰ্কি হয় আৰু কেতিয়াবা ইয়েই হতা–হতিৰ ৰূপ লয়। দুজনমানে বিচাৰকৰ দায়িত্ব লৈ কাজিয়াখন গোচৰীয়া–পদকীয়া কোনোপক্ষকে অসন্তুষ্ট নকৰি মীমাংসা কৰে। মই এতিয়া উপলদ্ধি কৰোঁ যে দুজনমানৰ ছাত্ৰ অৱস্থাৰ পৰাই নেতৃত্ৱ দিব পৰা গুণ আছিল। কাৰোবাৰ এষাৰ কথাতেই আমি আশ্বস্ত হওঁ, কোনোবাই হাজাৰ চিঞৰি থাকিলেও আমি গুৰুত্বই নিদিও। খেল চলি থকাৰ মাজত যদি কেনেবাকৈ কাৰোবাৰ এটা মাৰ্বল মূল খেলৰ ঠাইৰ পৰা ওচৰৰ ঘাহঁনিত বা বননিত পৰি অন্তৰ্ধান হয় তেতিয়া সাময়িকভাৱে খেল বন্ধ কৰি সকলোৱে মাৰ্বল বিচৰাত লাগি যাওঁ। মাৰ্বল বিচাৰোতে আমি কেতিয়া স্ব–আৱিষ্কৃত পদ্ধতি প্ৰয়োগ কৰো। যেনে ধৰক, মাৰ্বলটো যিফালে গৈছিল সেইফালে আৰু এটা মাৰ্বল যাবলৈ দি হেৰুৱা মাৰ্বলটোৰ অৱস্থান সম্পৰ্কে এটা ধাৰণা কৰিবলৈ চেষ্টা কৰা বা ঠাইখনৰ ওপৰেদি প্ৰতিটো খোজৰ মাজত ন্যূনতম ব্যৱধানো নাৰাখি খালী ভৰিৰে খোজকাঢ়ি মাৰ্বলৰ প্ৰকৃত অৱস্থিতি ধৰা পেলোৱা। মাৰ্বল নহয় যেন এক সোণৰ মুদ্ৰাহে হেৰাইছে! অৱশ্যে আমাৰ কাৰণে সেইসময়ত মাৰ্বলৰ মূল্য সোণতকৈও বেছি আছিল। পঢ়াৰ টেবুলত দেউতাই যেতিয়া যোগ–বিয়োগ অংকৰ ব্যৱহাৰিক শিক্ষা দিবলৈ মাৰ্বলৰ প্ৰসংগ টানি আনে, তেতিয়া মই মাৰ্বল খেলৰ সপেক্ষে দেউতাৰ আগত দুই–এক যুক্তি দিবলৈ চেষ্টা কৰো। গাঁৱৰ দুই এজন বয়সিয়াল ব্যক্তিয়ে আমাক মাৰ্বল দিয়াৰ অচিলা লৈ আমাৰ হতুৱাই দুই–এক সামাজিকো কামো আদায় কৰিছিল। এই মাৰ্বলৰ যোগেদিয়েই জীৱনত প্ৰথমবাৰৰ বাবে আমি সামাজিক কামৰ মিঠা অনূভুতি লাভ কৰিছিলো। মনৰ ভিতৰতে অলপ খং উঠিছিল যদিও আটাইবোৰে একেলগে কৰা কাম বুলি কিবা এটা ভালো লাগিছিল। আন্তঃৰাষ্ট্ৰীয় ভাষাৰ অসমীয়া সংস্কৰণো এই মাৰ্বল খেলত প্ৰয়োগ হৈছিল। খুউব সম্ভৱ মই জীৱনত ব্যৱহাৰ কৰা প্ৰথম ইংৰাজী শব্দ দুটাই হৈছে “not killing।” ইংৰাজীৰ অ আ ক খ জনাৰ পাছতহে মই বুজিছিলো সেয়া “not killing” নাছিল, “not cleaning”হে আছিল।
স্মৃতিৰ জলঙাৰে মই যিমানবাৰ মোৰ শৈশৱকাল চাবলৈ বিচাৰো সিমানবাৰেই মাৰ্বল খেলৰ প্ৰতিচ্ছবিয়ে মোৰ চকুৰ আগত দোলা দিয়ে। কিমান যে স্মৃতি মনৰ পৰা হেৰাই গ‘ল! এতিয়া সেইবিলাক মনত পেলাবলৈ চেষ্টা কৰিলে এটি অস্পষ্ট দৃশ্যহে মনলৈ আহে। আজিও মই গাঁৱলৈ গ‘লে সেই ঠাইডোখৰলৈ চাও, যিটুকুৰা আমাৰ মাৰ্বল খেলৰ অন্যতম সাক্ষী। গাঁৱৰ দোকানৰ আগত সজাই থোৱা বিভিন্ন ৰঙৰ মাৰ্বলেৰে ঠাহ খাই থকা ডাঙৰ কাঁচৰ বৈয়ামটো যেন মই আজিও বিচাৰি থাকো। মোৰ একমাত্ৰ পুত্ৰই যেতিয়া মোক সোধে যে মাৰ্বল কেনেকৈ খেলে, মই তাক উত্তৰ দিয়াৰ আগতে অলপ সময়ৰ কাৰণে ভাবুক হৈ পৰো…ভাবো…তই যিখন স্কুলত নাম লগাব বিচাৰিছ মই এদিন সেইখন স্কুলৰ প্ৰধান শিক্ষক আছিলো…।