সাক্ষাৎকাৰ: অনুবাদ সাহিত্য
লেখক- সাহিত্য ডট অৰ্গ
সাহিত্য ডট অৰ্গ’ৰ এই মাহৰ সাক্ষাৎকাৰৰ বাবে সাক্ষাৎ কৰা হৈছিল অসমীয়া তথা বাংলা সাহিত্যত অনুবাদ কৰ্মৰ যোগেৰে অৰিহণা যোগোৱা ড° সঞ্জয় দে দেৱক। বৰ্তমান স্বায়ত্ব শাসিত নগাঁও মহাবিদ্যালয়ৰ বাংলা বিভাগৰ বিভাগীয় প্ৰধান তথা পৰীক্ষা নিয়ন্ত্ৰকৰূপে কাৰ্যনিৰ্বাহ কৰি থকা ড° দে দেৱে এগৰাকী সফল অনুবাদকৰূপে স্বীকৃতি লাভ কৰিছে। বিখ্যাত লিখক সুমিত সৰকাৰৰ ‘Modern India’ৰ অনূদিত ৰূপ ‘আধুনিক ভারত’ৰ অনুবাদ কৰ্মত নিয়োজিত হৈ থাকি গ্ৰন্থখনিৰ অংশবিশেষ অনুবাদ কৰি তেখেতে অনুবাদ কৰ্মৰ পাতনি মেলে। পৰৱৰ্তী সময়ত সাহিত্য অকাডেমীৰ অনুবাদ প্ৰকল্পৰ অধীনত তেখেতে অসমৰ বিখ্যাত কথাশিল্পী অপূৰ্ব শৰ্মাৰ ‘বাঘে টাপুৰ ৰাতি আৰু অন্যান্য কাহিনী’ নামৰ গ্ৰন্থখন বাংলালৈ অনুবাদ কৰে ‘বাঘি চরের রাত ও অন্যান্য কাহিনি’ শিৰোনামেৰে। জাপান আৰু ভাৰতবৰ্ষৰ যৌথ উদ্যোগত পৰিচালিত ‘ৰবীন্দ্ৰ গৱেষণা প্ৰকল্প’ৰ গৱেষণা সহায়ক ৰূপে কৰ্মজীৱনৰ পাতনি মেলা ড° সঞ্জয় দে দেৱ বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষণা গুৰু হিচাবেও নিয়োজিত হৈ আছে। ড° সঞ্জয় দে দেৱে ‘সাহিত্য ডট অৰ্গ’ৰ এই সাক্ষাৎকাৰ অনুষ্ঠানটিত উপস্থিত থাকি অনুবাদ সাহিত্যৰ বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰিছে।
(‘সাহিত্য ডট অৰ্গ’ৰ হৈ এই সাক্ষাৎকাৰটিত অংশগ্ৰহণ কৰিছে আলোচনীখনৰ এই মাহৰ সম্পাদক শ্ৰীমতী মুনমুন সৰকাৰ শইকীয়া তথা ‘অসমীয়াত কথা বতৰা’ৰ সদস্য ক্ৰমে শ্ৰী বিকাশ দত্ত আৰু শ্ৰী অভিজিত দত্তই। সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে সম্পাদক শ্ৰীমতী মুনমুন সৰকাৰ শইকীয়া, শ্ৰী বেদান্ত কুমাৰ নাথ আৰু শ্ৰী অভিজিত দত্তই। সাক্ষাৎকাৰটিৰ চূড়ান্ত ৰূপ প্ৰস্তুত কৰি তুলিছে শ্ৰী অভিজিত দত্তই। ইয়াৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে শ্ৰী মণ্টু কুমাৰ বৰঠাকুৰে। সাক্ষাৎকাৰটিৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰি তুলিছে শ্ৰী বিকাশ দত্তই আৰু ইয়াক পাঠকসকললৈ বুলি আগবঢ়াইছে ‘অসমীয়াত কথা বতৰা’ৰ সদস্য ক্ৰমে ড° মনোজমন কলিতা আৰু ড° দীপজ্যোতি বৰাই।)
সাহিত্য ডট অৰ্গ: আজিৰ এই সাক্ষাৎকাৰত উপস্থিত থাকি আমাক বাধিত কৰা বাবে ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰপৰা আপোনাক ধন্যবাদ জনাইছোঁ। অনুবাদ সাহিত্য বুলিলে সামগ্ৰিক অৰ্থত কি বুলি ক’ব পৰা যায়, সেই সম্পৰ্কে আমাক অলপ জনাবনে?
ড° সঞ্জয় দে: নিশ্চয়। কোনো এক নিৰ্দিষ্ট ভাষাত লিখা যিকোনো ৰচনা বা পাঠ একোটা যেতিয়া বেলেগ কোনো ভাষাৰ মানুহক বোধগম্য কৰোঁৱা হয়, সেয়াই হ’ল অনুবাদ কৰ্ম। অনুবাদ কৰ্মক সামৰি সৃষ্টি হোৱা সাহিত্যই হ’ল অনুবাদ সাহিত্য। অৰ্থাৎ, কোনো লেখকৰ কোনো এক ৰচনাৰ আংশিক বা সামগ্ৰিক ৰূপক সেই ৰচনাৰ বৈশিষ্ট্যৰাজি অক্ষুণ্ণ ৰাখি আন কোনো ভাষালৈ ভাষান্তৰিত কৰি সেই ভাষাত প্ৰকাশ কৰা কাৰ্যক অনুবাদ সাহিত্য বুলি অভিহিত কৰিব পাৰি। অনুবাদ সাধাৰণতে দুটা বিশেষ কথাৰ স’তে জড়িত হৈ থাকে। উৎস ভাষাৰ কোনো পাঠৰ অবিকল অনুবাদক আক্ষৰিক অনুবাদ বুলি ক’ব পৰা যায়। আনহাতে, উৎস ভাষাত সৃষ্ট কোনো পাঠৰ মূলভাবটি বজাই ৰাখি আন ভাষালৈ সেই পাঠৰ অনুবাদ কৰিলে তাক ভাবানুবাদ বুলি ক’ব পৰা যায়। প্ৰকৃততে, মধ্যযুগত যি ভক্তি আন্দোলনৰ প্ৰাবল্য দেখা গৈছিল, সেই ভক্তি আন্দোলনৰ সূত্ৰ ধৰিয়েই সংস্কৃত সাহিত্যৰ অনুপম সৃষ্টিৰাজিক বিভিন্ন ভাৰতীয় ভাষালৈ অনূদিত কৰা হৈছিল। সংস্কৃত সাহিত্যৰ এই অনুবাদৰ ক্ষেত্ৰত সাহিত্যৰ ভাবাদৰ্শ আৰু প্ৰেক্ষাপটো সলনি হৈছিল। ভাষান্তৰিত কৰা এই প্ৰক্ৰিয়াক ভাবানুবাদ বুলি ক’ব পৰা যায়।
সাহিত্য ডট অৰ্গ: আপুনি অনুবাদ সাহিত্যৰ লগত কেনেদৰে জড়িত হৈছিল, সেই সম্পৰ্কে আমাক অলপ জনাবনে?
ড° সঞ্জয় দে: মই আচলতে, প্ৰথমতে অনুবাদ সাহিত্যৰ লগত জড়িত হোৱা নাছিলোঁ। মই প্ৰথমতে অনুবাদৰ লগতহে জড়িত হৈ আছিলোঁ। মই অনুভৱ কৰোঁ যে অনুবাদৰ সৈতে সদায়ে দুটা বিষয় জড়িত হৈ থাকে। এই দুটা বিষয়ৰ এটা হ’ল সাহিত্যৰ উপাদান অৰ্থাৎ সাহিত্যৰ যিকোনো Genreৰ অনুবাদ। অনুবাদৰ সৈতে জড়িত আনটো বিষয় হ’ল Non fictionৰ অনুবাদ। মই প্ৰথমতে এই Non fictionৰ অনুবাদ আৰম্ভ কৰিছিলোঁ। সেয়া আছিল ১৮৮৫ চনৰপৰা ১৯৪৭ চনলৈকে সামৰা সুমিত সৰকাৰৰ Modern India নামৰ গ্ৰন্থখনৰ অনুবাদ। Modern Indiaক আমি ‘আধুনিক ভাৰত’ নামেৰে অনুবাদ কৰিছিলোঁ। এই বিখ্যাত ইতিহাস গ্ৰন্থখনৰ অনুবাদৰ কামত মোৰ সৈতে অন্যান্য লোকো জড়িত হৈ আছিল। অৰ্থাৎ, অনুবাদৰ এই কামটি সম্পাদন কৰা হৈছিল অনুবাদকৰ এটি গোটৰ দ্বাৰা আৰু সেই গোটটিত ময়ো এগৰাকী সক্ৰিয় অনুবাদক হিচাপে আছিলোঁ। ১৯৯৩ চনত এই অনুবাদ কৰ্ম প্ৰকাশ কৰা হৈছিল। এনেদৰে মোৰ অনুবাদ কৰ্মৰ শুভাৰম্ভ হৈছিল।
লাহে লাহে সাহিত্যৰ এই বিশেষ ধাৰা অৰ্থাৎ অনুবাদ সাহিত্যৰ প্ৰতি মই আকৰ্ষণ অনুভৱ কৰোঁ। ১৯৯৫ চনত অসমলৈ আহি নগাঁও মহাবিদ্যালয়ত যোগদান কৰাৰ পিছত মোৰ অনুবাদ কৰ্মৰ দ্বিতীয়টি স্তৰ আৰম্ভ হয়। অসমলৈ অহাৰ পিছত মই অসমীয়া ভাষা শিকিবলৈ মন মেলিলোঁ। সেই সময়তেই মই শ্ৰদ্ধাৰ অপূৰ্ব শৰ্মা ছাৰৰ সাক্ষাৎ লাভ কৰিলোঁ। ছাৰে মোক অসমীয়া ভাষা শিকাৰ কাৰণে অসমীয়া সাহিত্য পঢ়িবলৈ উপদেশ দিলে। অসমীয়া সাহিত্য পঢ়ি মই বাংলা আৰু অসমীয়া ভাষাৰ সামঞ্জস্যসমূহ মন কৰিলোঁ। পিছে, একে সময়তে মই অনুভৱ কৰিলোঁ যে অসমীয়া আৰু বাংলাৰ সাহিত্যগত সামঞ্জস্য থাকিলেও অসমীয়া আৰু বাংলা ভাষা–সংস্কৃতি দুটা ভিন্নসুৰী স্ৰোত। অসমীয়া ভাষাৰ সেই স্বতন্ত্ৰ সাংস্কৃতিক বৈশিষ্ট অক্ষুণ্ণ ৰাখি তাক নিকটতম প্ৰতিবেশী ভাষা–ভাষীৰ ওচৰত পৰিচয় কৰি দিয়াৰ মানসেৰে মই অসমীয়া সাহিত্যৰ অনুবাদৰ কামত হাত দিলোঁ।
সাহিত্য ডট অৰ্গ: ইংৰাজী, বাংলা আৰু অসমীয়া ভাষাত অনুবাদৰ উপৰিও আপুনি আন বহু কৰ্মতো নিয়োজিত হৈ আছে। কোনো বিশেষ ঘটনাৰ বাবে আপুনি অসমীয়া ভাষাত কাম কৰিবলৈ প্ৰেৰণা পাইছিল নেকি?
ড° সঞ্জয় দে: হয়। সেইটো কথা মই ইতিমধ্যে জনালোঁৱেই। আচলতে, অসমলৈ আহি মই অসমীয়া শিকিছিলোঁ জীৱন নিৰ্বাহ কৰিবলৈ। অসমলৈ আহি অসমীয়া ভাষা শিকাটো মোৰ বাবে অত্যন্ত জৰুৰী আছিল। অসমলৈ আহি মই মহাবিদ্যালয় এখনত অধ্যাপক হিচাবে যোগদান কৰিলোঁ। শিক্ষক জিৰণি কোঠাটি আছিল মোৰ অসমীয়া ভাষা শিক্ষাৰ প্ৰথম বিদ্যালয় স্বৰূপ। মই আচলতে অসমীয়া ভাষা শুনি শুনি শিকিলোঁ আৰু অসমীয়া ভাষাৰ লালিত্য উপলব্ধি কৰিলোঁ। পিছলৈ মই অসমীয়া ভাষা ভালকৈ আয়ত্ব কৰিলোঁ আৰু অসমলৈ অহাৰ বহুদিন পিছত মই আনকি ‘অসমীয়া বিশ্বকোষ’ৰ কামতো হাত দিলোঁ। এতিয়া মই অসমীয়াত ভালকৈ লিখিব পাৰোঁ। সংস্কৃত ভাষাত থকা মোৰ জ্ঞানেও অসমীয়া ভাষা শিকাত মোক সহায় কৰিছিল। আচলতে, ভাষা এটিৰ মূলতে আছে সেই ভাষাৰ সৈতে জড়িত চিন্তাস্ৰোতটি। তাক অনুভৱ কৰিব পাৰিলেই ভাষা এটা সহজে শিকিব পৰা যায়। মই কি অনুভৱ কৰোঁ, জানা? কোনো ভাষা ব্যৱহাৰ কৰা লোকসকলৰ প্ৰতি মই সদায়েই এক দায়বদ্ধতা অনুভৱ কৰোঁ। সেয়েহে, মই অসমীয়া ভাষা কোৱা লোকসকলৰ সৈতে সদায় অসমীয়াত কথা–বতৰা পাতিবলৈ ভাল পাওঁ। এয়া মই মোৰ এক দায়বদ্ধতা বুলিয়েই ভাবোঁ। এইখিনিতে তোমালোকক মোৰ জীৱনত সংঘটিত হোৱা এক বিশেষ ঘটনাৰ কথা ক’বলৈ ভাল পাম।
এবাৰ এখন ‘চেমিনাৰ’ত অংশগ্ৰহণ কৰিবলৈ মই পশ্চিমবঙ্গৰ এখন বিশ্ববিদ্যালয়লৈ বুলি ওলালোঁ। সেই চেমিনাৰখনত উত্তৰ–পূৰ্বাঞ্চলত বসবাস কৰা বহুকেইজন বঙালী পণ্ডিতে অংশগ্ৰহণ কৰিছিল। তোমালোকে হয়তো জানা যে আমাৰ এই অঞ্চলৰ বাংলা ভাষা মান্য বাংলা ভাষাতকৈ অলপমান বেলেগ। উত্তৰ–পূৰ্বাঞ্চলৰ এইসকল পণ্ডিতে যেতিয়া তেওঁলোকৰ গৱেষণা পত্ৰ পাঠ কৰি আছিল, তেতিয়া পশ্চিমবঙ্গ তথা ইয়াৰ আশে–পাশে থকা গৱেষক আৰু পণ্ডিতসকলে উত্তৰ–পূৰ্বাঞ্চলৰ পণ্ডিতসকলৰ দ্বাৰা উচ্চাৰিত বাংলা ভাষাক লৈ ঠাট্টা–মস্কৰা কৰিবলৈ আৰম্ভ কৰিলে। মই যেতিয়া মোৰ গৱেষণা পত্ৰ পাঠ কৰিবলৈ ওলালোঁ, তেতিয়া এই ক্ষেত্ৰত মই মোৰ অভিমত প্ৰকাশ কৰিলোঁ। মই ক’লোঁ যে আচলতে মান্য ভাষাত কথা ক’ব পৰাটো ইমান জৰুৰী নহয় কাৰণ আৰ্থ–ৰাজনৈতিক কাৰণতহে ভাষা এটাই মান্য ভাষাৰ মৰ্যাদা লাভ কৰে। ইয়াৰ সৈতে কোনো ভাষিক কাৰণ জড়িত হৈ নাথাকে। উত্তৰ–পূৰ্বাঞ্চলৰ বাংলাভাষী পণ্ডিতসকলে বাংলাৰ লগতে অসমীয়া সাহিত্যও পঢ়িব পাৰে। দুটা ভাষা পঢ়িব পৰা উত্তৰ পূৰ্বাঞ্চলৰ পণ্ডিতসকলৰ এই গুণটিহে প্ৰশংসনীয় বুলি মই মোৰ মত প্ৰকাশ কৰিলোঁ। আচলতে দুটা ভাষা ক’ব পৰা বা পঢ়িব পৰা উত্তৰ–পূৰ্বাঞ্চলত বাস কৰা বাংলাভাষী লোকসকল সমন্বয়ৰহে হোতা। সেয়েহে, এই অঞ্চলত থাকি অনুভৱ কৰোঁ যে মোৰ নিজৰ ভাষাৰ প্ৰতি যি আৱেগ আৰু দায়বদ্ধতা আছে, সেই একে আৱেগ আৰু দায়বদ্ধতা মোৰ অসমীয়া ভাষাৰ প্ৰতিও আছে।
সাহিত্য ডট অৰ্গ: অনুবাদ সাহিত্যত মূল ভাষাৰ সৈতে জড়িত হৈ থকা বিষয়বস্তু বা পটভূমি কেনেকৈ আন এক ভাষা বা ঠাইৰ লগত মিলাব পাৰি? এই ক্ষেত্ৰত পাঠকৰ গ্ৰহণযোগ্যতাৰ কথাটো কেনেদৰে পূৰণ কৰা হয়?
ড° সঞ্জয় দে: এই দুটা বিষয়ৰ উত্তৰ অলপ ‘টেকনিকেলি’ দিব লাগিব। এই ক্ষেত্ৰত মোৰ আচলতে এটা নিজস্ব উপমা আছে। Walter Benjamin য়ে ‘The Task of the Translator’ প্ৰবন্ধটিত কৈছে যে অনুবাদ দুটি অচিনাকি ভাষাৰ মাজত সংযোগৰ এক সেঁতু নিৰ্মাণ কৰাৰ দৰেই। বিভিন্নজনে এই উপমাটো বিভিন্ন ধৰণে ব্যৱহাৰ কৰে। যি ভাষাত কোনো এক পাঠ ৰচনা কৰা হয়, সেই ভাষাটিক আমি উৎস ভাষা বুলি ক’ব পাৰোঁ। আনহাতে, যি ভাষালৈ অনুবাদকে সেই পাঠৰ অনুবাদ কৰে, তাক আমি লক্ষ্য বা উদ্দেশ্য ভাষা বুলি অভিহিত কৰিব পাৰোঁ। এই উৎস ভাষা আৰু উদ্দেশ্য ভাষা সম্পৰ্কে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ প্ৰাক্তন বিভাগীয় প্ৰধান ড° ঊষাৰঞ্জন ভট্টাচাৰ্য ছাৰে এক সুন্দৰ উপমা ব্যৱহাৰ কৰিছে। অসমীয়া সাহিত্যক চহকী কৰা বীৰেন্দ্ৰ নাথ ভট্টাচাৰ্যদেৱৰ ‘মৃত্যুঞ্জয়’খন অনুবাদ কৰি সাহিত্য অকাডেমীৰ অনুবাদ বঁটা লাভ কৰা ভট্টাচাৰ্য ছাৰে অনুবাদকসকলৰ অৱস্থান ন–কইনাৰ লেখিয়া বুলি উল্লেখ কৰিছে। ন–কইনাক লৈ তেওঁৰ পিতৃগৃহ আৰু শহুৰৰ ঘৰৰ বহু আশা থাকে। ন–কইনাৰ দৰেই অনুবাদক এগৰাকীয়ে উৎস ভাষা আৰু লক্ষ্য ভাষাৰ আশাসমূহ পূৰণ কৰিবলগীয়া হয়।
মই উপমাটি অলপ বেলেগকৈ উপস্থাপন কৰোঁ। এগৰাকী অনুবাদকক মই দুখন নাৱত দুখন ভৰি থৈ যাত্ৰা কৰা এগৰাকী নাৱৰীয়া বুলি অভিহিত কৰিব বিচাৰোঁ। দুইখন নাৱৰেই স্বতন্ত্ৰ অৱস্থান আৰু নিজস্বতা থাকে। সেই বিশেষ নাৱৰীয়াগৰাকীৰ দৰে অনুবাদক এজনেও দুখন নাৱৰ গতি–প্ৰকৃতিৰ স’তে তাল মিলাই চলিব লাগে। কোনো নতুন শব্দৰ সন্ধান অনুবাদকৰ বাবে এক অজানা দ্বীপৰ সন্ধানৰ লেখিয়া হয়। অনুবাদৰ ক্ষেত্ৰত এই উপমাটিত মই বিশ্বাস কৰোঁ আৰু এই উপমাটি ‘বাঘি চরের রাত ও অন্যান্য কাহিনি’ত উল্লেখ কৰিছোঁ।
মই এতিয়া তোমালোকৰ দ্বিতীয় প্ৰশ্ন অৰ্থাৎ অনুবাদৰ ক্ষেত্ৰত পাঠকৰ গ্ৰহণযোগ্যতাৰ ওপৰত অলপমান ব্যাখ্যা কৰিবলৈ চেষ্টা কৰোঁ। এই যে দুই নাও অৰ্থাৎ দুটা ভাষাৰ ভিতৰত আমি যেতিয়া সংযোগ সাধনৰ চেষ্টা কৰিম, তেতিয়া কি কি বিষয়ত আপোচ কৰিম, সেয়া অনুবাদক এগৰাকীয়ে নিৰ্ধাৰণ কৰি লোৱাটো নিতান্তই জৰুৰী। অনুবাদকগৰাকীয়ে উৎস আৰু লক্ষ্য ভাষাৰ ক্ষেত্ৰত সদায়ে গুৰুত্ব আৰোপ কৰিব লাগিব। দুয়োটা ভাষাৰ ক্ষেত্ৰতেই অনুবাদকে আপোচ কৰিব লাগিব। পিছে, এই আপোচ ক’ত, কেনেদৰে কৰিব লাগিব, সেয়া অনুবাদকে নিজেই নিৰ্ধাৰণ কৰিব লাগিব। তাৰ ভাৰসাম্যও ৰক্ষা কৰাৰ দায়িত্ব পালন কৰিব লাগিব অনুবাদকগৰাকীয়েই। এয়াই হৈছে অনুবাদকৰ মূল কাম। তাৰ ওপৰতেই নিৰ্ভৰ কৰিব অনুবাদৰ গুণ বা বৈশিষ্ট্য।
আমি যেতিয়া কোনো পাঠৰ অধ্যয়ন কৰোঁ, সেই পাঠত মূলতঃ কাহিনী, চৰিত্ৰ আৰু ঘটনা থাকিব। কাহিনী, চৰিত্ৰ আৰু ঘটনা হৈছে পাঠ এটিৰ প্ৰাথমিক উপাদান। এই প্ৰাথমিক উপাদানবোৰ অনুবাদকে সলনি কৰাত অসুবিধা আছে। অৰ্থাৎ, উৎস ভাষাত থকা চৰিত্ৰ এটাৰ নাম অনুবাদকে সলনি কৰিব নোৱাৰে। উদাহৰণ স্বৰূপে, যদি উৎস ভাষাত চৰিত্ৰ এটিৰ নাম ‘ৰাম’ আছিল, তাক আমি লক্ষ্য ভাষাত ‘যীশু’ বুলি ক’ব নোৱাৰোঁ। এই কথাটো মই উদাহৰণ এটা দি বুজাম দেই! ধৰা, অসমীয়া ভাষাত লিখা এটি পাঠত এটি চৰিত্ৰৰ নাম হ’ল কণলʼৰা। কণল’ৰাৰ বয়স পঞ্চাশ বছৰ। এতিয়া, এই নামটো মই বাংলা ভাষালৈ অনুবাদ কৰিব নোৱাৰোঁ। যদি নামটো অনুবাদ কৰি দিয়া হয়, তেনেহলে সমগ্ৰ পাঠৰেই প্ৰকৃত অনুবাদ বিঘ্নিত হৈ পৰিব। এনেক্ষেত্ৰত কণল’ৰা নামটো কণল’ৰাই হৈ থাকিব। অনুবাদকে আৱশ্যক হ’লে নামটোৰ ওপৰত এক ‘নোট’ প্ৰস্তুত কৰি পাঠকসকললৈ বুলি আগবঢ়াব পাৰে। একেদৰেই ধৰা হওক, অসমীয়া সাহিত্যত আমি বিল এখনৰ নাম পালোঁ ‘কাউৰী বিল’। তাক আমি ‘কাক বিল’ বুলি অনুবাদ কৰিব নোৱাৰোঁ। অৰ্থাৎ, অনুবাদত চৰিত্ৰ, স্থান বা সংঘটিত ঘটনা এটাৰ নামৰ পৰিৱৰ্তন কৰা নাযায়। অনুবাদত কাহিনীৰ চৰিত্ৰৰ পৰিৱৰ্তন কৰা নাযায়, চৰিত্ৰৰ নাম পৰিবৰ্তন কৰা নাযায় তথা ঘটনাক্ৰমৰো পৰিৱৰ্তন কৰা নাযায়। তেনেহ’লে, অনুবাদকে কি কি পৰিৱৰ্তন কৰিব পাৰিব? পৰিৱৰ্তনৰ বিষয়টো আচলতে সাঙোৰ খাই থাকিব বাক্য বা শব্দ গাঁথনিৰ সৈতেহে। আচলতে, প্ৰতিটো ভাষাৰ একো একোটা শব্দৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে থলুৱা সংস্কৃতি। সেয়েহে, যান্ত্ৰিকভাৱে এটা শব্দক অনুবাদ কৰিলেই যে প্ৰকৃত অনুবাদ হ’ব, সেয়া নহয়। কেতবোৰ শব্দ ব্যৱহাৰৰ ক্ষেত্ৰত অনুবাদক এগৰাকীয়ে সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। অনুবাদকে সন্মুখীন হোৱা প্ৰথম অসুবিধাটো দেখা পোৱা যায় ধ্বন্যাত্মক শব্দৰ ব্যৱহাৰৰ ক্ষেত্ৰত। যিহেতু এইসমূহ শব্দৰ সৈতে সাংস্কৃতিক বৈশিষ্ট্য জড়িত হৈ থাকে, সেয়েহে এই ধ্বন্যাত্মক শব্দবোৰ অনুবাদ কৰাৰ ক্ষেত্ৰত অনুবাদক এগৰাকীয়ে সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। আন এটি সমস্যাৰ সৃষ্টি হয় পটন্তৰ অথবা কথনভঙ্গী অনুবাদ কৰাৰ ক্ষেত্ৰত; কাৰণ প্ৰতিটো পটন্তৰৰ সৈতে সংস্কৃতিৰ বৈশিষ্ট্য একোটা জড়িত হৈ থাকে। এই ক্ষেত্ৰত দুটা উদাহৰণ দিব পৰা যায়। অসমীয়াত কোৱা হয় ‘বগা ভাত দেখিলে ক’লা কাউৰীৰ অভাৱ নাই।’ বাংলাত কথাটো এনেধৰণে কোৱা নহয়। বাংলাত কোৱা হয় এনেদৰে, ‘ভাত ছড়ালে কাকেৰ অভাৱ হয়না।’ অৰ্থাৎ, এই যে প্ৰতিটো ভাষাৰ যিবোৰ নিজস্ব পটন্তৰ আছে, সেয়া অনুবাদক এজনে আয়ত্ব কৰি লোৱা উচিত। এনেবোৰ ক্ষেত্ৰত অকল অনুবাদ কৰিলেই নহ’ব। তেনে কৰিলে পাঠটিৰ স্বাভাৱিক গুণখিনি বৰ্তি নাথাকিব।
এইবাৰ মই আন এটা উদাহৰণ দিবলৈ ভাল পাম। অসমীয়াত কোৱা হয়, ‘উপকাৰীক অজগৰে খায়।’ বাংলাত উপকাৰীক অজগৰে কেতিয়াও নাখায়। বাংলাৰ উপকাৰীক সদায় বাঘে খায়। গতিকে, উপকাৰীক অজগৰে খোৱা কথাটো যেতিয়া অসমীয়াৰ পৰা বাংলালৈ অনুবাদ কৰা হ’ব, তেতিয়া উপকাৰীক অজগৰে খালে নহ’ব, বাঘেহে খাব লাগিব। আকৌ, অসমীয়া সাহিত্যত থকা চম্পাৱতীক খাৰু–মণি পিন্ধাই দিয়া কথাটো উল্লেখ আছে। বাংলাত এই খাৰু–মণিৰ ঠাইত ব্যৱহাৰ কৰা হয় ‘শাখা সিঁদূৰ’। এনেদৰে, অনুবাদকে উৎস ভাষা আৰু লক্ষ্য ভাষাৰ সাংস্কৃতিক বৈশিষ্ট্য সদায়ে অক্ষুণ্ণ ৰাখিব লাগিব। অৰ্থাৎ, কোন কোন বিষয়ত অনুবাদকে পৰিৱৰ্তন কৰিব নোৱাৰিব আৰু যদিহে পৰিবৰ্তন আৱশ্যম্ভাৱী, তেনেহ’লে সেই পৰিৱৰ্তনৰ ক্ষেত্ৰত অনুবাদকজনে কেনেদৰে আপোচ কৰিব, সেয়া অনুবাদকজনে সদায়ে লক্ষ্য কৰিব লাগিব আৰু এনেদৰেই সম্ভৱ হ’ব প্ৰকৃত অনুবাদ।
সাহিত্য ডট অৰ্গ: সাধাৰণতে দেখা যায় যে অনুবাদ সাহিত্যৰ ক্ষেত্ৰত পটভূমিয়ে হয়তো অলপ সমস্যাৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে, জন কিটচৰ নাইটিংগেল চৰাইজনী আমাৰ অসমত বা ভাৰতবৰ্ষত নাই। অথবা, ৱৰ্ডচৱৰ্থৰ ডেফ’ডিল ফুলৰ সৈতে আমি অসমৰ পাঠকসকলে একাত্ম অনুভৱ কৰিব নোৱাৰোঁ। এনে ক্ষেত্ৰত অসমৰ পটভূমিৰ লগত সামঞ্জস্য নথকা বিষয় এটি কেনেদৰে আমাৰ ভাষালৈ অনুবাদ কৰিব পাৰি? এনে ক্ষেত্ৰত অনুবাদকে অনুবাদৰ সময়ত কিবা বিশেষ বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলগীয়া হয় নেকি?
ড° সঞ্জয় দে: হয়। এয়াই হৈছে অনুবাদৰ মূল কথা। যেতিয়া অনুবাদকজনে অনুবাদৰ কামত ব্যস্ত হৈ থাকিব, তেতিয়া তেওঁ উৎস ভাষাতকৈ উদ্দেশ্য ভাষাৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিব লাগিব। অনুবাদ সাহিত্যৰ পাঠকসকলে উৎস ভাষাত লিখা কোনো এক পাঠ নিজ ভাষা অৰ্থাৎ অনুবাদকৰ উদ্দেশ্য ভাষাত ভালকৈ বুজি পোৱাৰ এক পৰিবেশ ৰচনা কৰাই হ’ল অনুবাদকজনৰ মূল লক্ষ্য। সেয়েহে, অনুবাদকে গুৰুত্ব আৰোপ কৰিব লাগিব উদ্দেশ্য ভাষাৰ সাংস্কৃতিক আৰু সামাজিক পটভূমিৰ ওপৰতহে। উৎস ভাষাৰ কোনবোৰ কথাৰ পৰিৱৰ্তন কৰিব লাগিব আৰু কোনবোৰৰ পৰিৱৰ্তন কৰিব নালাগিব, সেয়া অনুবাদকজনে নিজেই নিৰ্ধাৰণ কৰিব। উদাহৰণস্বৰূপে, মই যেনিবা অনুবাদকৰূপে নাইটিংগেল অথবা ডেফডিল ফুলৰ নামৰ পৰিৱৰ্তন কৰি দিলোঁ, সেই চৰাইটি অথবা ফুলবিধৰ চাৰিত্ৰিক বৈশিষ্ট অক্ষুণ্ণ ৰাখি মই নাইটিংগেল চৰাইটি অথবা ডেফডিল ফুল সম্পৰ্কে লক্ষ্য ভাষা ব্যৱহাৰ কৰা পাঠকসকলক অৱগত কৰাব লাগিব। এনেধৰণৰ বিষয়তেই অনুবাদকে আপোচ কৰাৰ কথাটো আহে। অৰ্থাৎ, সাংস্কৃতিক আৰু সামাজিক পটভূমিৰ ওপৰত ভিত্তি কৰি অনুবাদকে এনেধৰণৰ আপোচ কৰিবলগীয়া হয়। সামগ্ৰিক অৰ্থত অনুবাদ কৰা বিষয়টো লক্ষ্য বা উদ্দেশ্য ভাষা ব্যৱহাৰকাৰী পাঠকসকলৰ বোধগম্য হ’ব লাগিব আৰু সেই বোধগম্যতাৰ সৈতে জড়িত থকা উদ্দেশ্য ভাষাৰ সজীৱতা আৰু স্বাভাৱিকতাখিনি অনুবাদকজনে অনুবাদৰ যোগেদি পাঠকসকললৈ বুলি আগবঢ়াব লাগিব। এয়া সম্ভৱ হ’ব অনুবাদকজনৰ সংবেদনশীল আৰু সুক্ষ্ম পৰ্যবেক্ষণৰ দ্বাৰা নিৰ্ণীত অনুবাদৰ দ্বাৰাহে।
অৱশ্যে, অনুবাদকজনে অনুবাদ কৰাৰ সময়ত উৎস ভাষাৰ সমগ্ৰ বিষয়বস্তু কাহানিও সলনি কৰিব নোৱাৰে। এনে ক্ষেত্ৰত অনুবাদকজন যথেষ্ট সাৱধান হোৱা বাঞ্ছনীয় আৰু অনুবাদকজনৰ দুটা ভাষাৰ ওপৰত থকা দখল তথা আত্মিক আৰু সংবেদনশীল সংযোগে প্ৰকৃত অনুবাদৰ ক্ষেত্ৰত চালিকা শক্তিৰূপে কাম কৰিব।
কথাখিনি মই মোৰ নিজৰ এক অভিজ্ঞতাৰ পৰা ক’লে হয়তো সমগ্ৰ বিষয়টো তোমালোকৰ বোধগম্য হৈ পৰিব। সাহিত্য অকাডেমীৰ সৌজন্যত মই অপূৰ্ব শৰ্মা ছাৰৰ ‘বাঘে টাপুৰ ৰাতি আৰু অন্যান্য কাহিনী’ নামৰ গ্ৰন্থখন বাংলালৈ অনুবাদ কৰিছোঁ। অনুবাদ কৰাৰ সময়ত মই গ্ৰন্থখনৰ নাম দিছোঁ ‘বাঘি চরের রাত ও অন্যান্য কাহিনি’ বুলি। এই যে, ‘টাপু’ শব্দটি মই বাংলাত ‘চর’ বুলি ক’লোঁ, সেইক্ষেত্ৰত মই প্ৰথমতে ‘টাপু’ শব্দটিৰ প্ৰায়োগিক দিশ সম্পৰ্কে বিতং অধ্যয়ন কৰি ল’লোঁ। সেই প্ৰয়োগৰ সৈতে বাংলাৰ কোনটো শব্দ অধিক ওচৰৰ বা সমাৰ্থক হ’ব, সেইটো মই বাচি উলিয়ালোঁ। শেষত, মই ‘টাপু’ শব্দটিৰ ওচৰৰ শব্দটি ‘চর’ বুলিয়েই ঠাৱৰ কৰিলোঁ আৰু সেই বিশেষ শব্দটি ব্যৱহাৰ কৰিলোঁ। অনুবাদৰ ক্ষেত্ৰত অনুবাদকসকল এনেদৰেই আগবাঢ়ি যাব লাগিব। হয়তো এতিয়া, মই বুজোৱা বিষয়টো তোমালোকৰ বোধগম্য হৈছে।
সাহিত্য ডট অৰ্গ: হয় ছাৰ। বুজি পাইছোঁ। এইবাৰ আপোনাক আন এটা কথা সুধিবলৈ বিচাৰিছোঁ। এগৰাকী অনুবাদকে সততে সন্মুখীন হোৱা অসুবিধাসমূহৰ সম্পৰ্কে অনুগ্ৰহ কৰি আমাক অলপ জনাবনে?
ড° সঞ্জয় দে: নিশ্চয়। এই যে তোমালোকক উদ্দেশ্য বা লক্ষ্য ভাষাৰ শব্দ বাচি লোৱাৰ কথাটো কলোঁ, মোৰ মতে এয়াই হ’ল অনুবাদকৰ বাবে সকলোতকৈ আহুকলীয়া বিষয়। বহু ক্ষেত্ৰত দেখা যায় যে উৎস ভাষাত ব্যৱহৃত কোনো এটি বিষয় অথবা বস্তুৰ অৱস্থিতি উদ্দেশ্য ভাষা বা লক্ষ্য ভাষাত নায়েই। এতিয়া ধৰা, নাইটিংগেল চৰাইজনী বা ডেফডিল ফুলবিধেই। অথবা, ধৰি লোৱা, কাহানিও বৰফ নেদেখা জাতি এটাৰ কথা। মই আকৌ অনুবাদ কৰিবলৈ ওলাইছোঁ বৰফ নেদেখা সেই জাতিয়ে ব্যৱহাৰ কৰা ভাষালৈ। এতিয়া, উৎস ভাষাৰ পৰা মই বৰফৰ ধাৰণাটো উদ্দেশ্য ভাষা ব্যৱহাৰ কৰা লোকসকললৈ বুলি কেনেদৰে আগবঢ়াম? মই ভাবোঁ, এয়াই হ’ল অনুবাদক এজনৰ প্ৰধান সমস্যা। দৰাচলতে, এই সমস্যাৰ কোনো সাধাৰণ সমাধান নাই। অৱশ্যে, যিমান দূৰ পাৰি, অনুবাদটিক প্ৰাঞ্জল ৰূপত প্ৰকাশ কৰি তেনেধৰণৰ শব্দ বা বিষয়টিৰ ধাৰণা উদ্দেশ্য ভাষা ব্যৱহাৰকাৰী লোকসকলক বুজোৱাটো অনুবাদকৰ এক অন্যতম দায়িত্ব। এই ক্ষেত্ৰত আৱশ্যক হ’লে অনুবাদৰ স’তে অনুবাদকে ‘নোট’ সংলগ্ন কৰি হ’লেও পাঠকসকলক বুজোৱাটো উচিত।
অনুবাদক এজনে সন্মুখীন হোৱা দ্বিতীয় সমস্যাটো হ’ল মূলতঃ ব্যাকৰণগত। উৎস ভাষাৰ নিৰ্গঠন (Structure) যদি উদ্দেশ্য বা লক্ষ্য ভাষাৰ সৈতে একে নহয়, তেনে ক্ষেত্ৰত অনুবাদৰ কামটো অলপ জটিল হৈ পৰে। ধৰা হওক, অসমত নেতিবাচক কৰ্ম বুজাবলৈ ক্ৰিয়াৰ আগত ‘ন’ বৰ্ণটি ব্যৱহাৰ কৰা হয়। এই ক্ষেত্ৰত নকৰা, নোহোৱা, নোযোৱা, নুশুনা আদি শব্দবোৰ উল্লেখ কৰিব পাৰি। পিছে, উদ্দেশ্য ভাষাত এনে কথা নহ’বও পাৰে। এনে ক্ষেত্ৰত অনুবাদকৰ উৎস আৰু উদ্দেশ্য ভাষাৰ ব্যাকৰণৰ ওপৰত দখল থকাটো বাঞ্চনীয়। এগৰাকী অনুবাদক হিচাবে ময়ো এইবোৰ অসুবিধাৰ সন্মুখীন হৈছোঁ। পিছে, এইবোৰ অসুবিধাৰ সমাধান উলিয়াবলৈ মই সমৰ্থ হৈছোঁ আৰু এয়াই মোক অনুবাদক হিচাপে সন্তুষ্টি প্ৰদান কৰিছে।
সাহিত্য ডট অৰ্গ: মানে, অনুবাদ কৰাৰ সময়ত অনুবাদকে ভাবানুবাদৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা আৱশ্যক নেকি?
ড° সঞ্জয় দে: কথাটো ঠিক তেনেধৰণৰো নহয়। আচলতে, অনুবাদ বুলি ক’লেই উৎস ভাষাত ৰচনা কৰা পাঠত থকা স্বাভাৱিকতাখিনি উদ্দেশ্য ভাষাত অক্ষুণ্ণ ৰখাটোৱেই প্ৰকৃত অনুবাদকৰ দায়িত্ব। যি ক্ষেত্ৰত বাধ্য হৈ অনুবাদকে কেতবোৰ পৰিৱৰ্তন কৰিবলগীয়া হয়, সেয়া ঠিক ভাবানুবাদ নহয়। সেয়া হৈছে উদ্দেশ্য ভাষাৰ প্ৰতি থকা অনুবাদকৰ দায়বদ্ধতাহে।
সাহিত্য ডট অৰ্গ: ছাৰ, মাতৃভাষাৰ প্ৰতি প্ৰতিজন ব্যক্তিৰেই এক বিশেষ সংবেদনশীলতা থাকে। এগৰাকী অনুবাদকে নিজ মাতৃভাষাৰ প্ৰতি অধিক সংবেদনশীল হৈ থাকিলে অনুবাদৰ ক্ষেত্ৰত কিবা সুবিধা বা অসুবিধাৰ সৃষ্টি হ’ব পাৰে নেকি?
ড° সঞ্জয় দে: হয়। মানুহ এজনৰ মাতৃভাষাৰ প্ৰতি এক বিশেষ টান থাকেই। মানুহৰ ভাষা সংক্ৰান্তীয় এক আৱেগ থকাটো নিতান্তই স্বাভাৱিক কথা কাৰণ মাতৃভাষা মানুহৰ ভাব প্ৰকাশৰ মাধ্যম। পিছে, অনুবাদৰ ক্ষেত্ৰত যিমান দূৰ পাৰি, এই আৱেগৰপৰা অনুবাদকে নিজকে আঁতৰাই ৰাখি নিৰপেক্ষ হৈ থকাটো প্ৰয়োজনীয়। ভাষিক আৱেগৰপৰা অনুবাদকজনে নিজকে মুক্ত কৰি ৰাখিব পাৰিলেহে প্ৰকৃত অনুবাদ সম্ভৱ হ’ব।
সাহিত্য ডট অৰ্গ: সাহিত্যৰ বিভিন্ন শিতানসমূহ যেনে কবিতা বা গল্প ইত্যাদিৰ ক্ষেত্ৰত অনুবাদৰ ধৰণসমূহ পৃথক পৃথক হয় নেকি? অনুবাদৰ ক্ষেত্ৰত কি কি বিষয়ৰ ওপৰত অনুবাদক এজনে গুৰুত্ব দিয়া উচিত বুলি আপুনি ভাবে?
ড° সঞ্জয় দে: নিশ্চয় পৃথক হয়। সাহিত্যৰ বিভিন্ন শিতানসমূহৰ ভিতৰত কবিতাৰ অনুবাদ কৰাটোৱেই আটাইতকৈ কঠিন কাৰণ কবিতাৰ প্ৰতিটো শব্দৰে দুটা অৰ্থ থাকিব পাৰেঃ এটা আভিধানিক অৰ্থ আৰু আনটো প্ৰতিকী অৰ্থ। প্ৰতিকী কবিতাৰ ক্ষেত্ৰত প্ৰতিকী অৰ্থটো অনুধাৱন কৰি উলিওৱাটো অতি কঠিন।
প্ৰতিটো অনুবাদৰ ক্ষেত্ৰতে অনুবাদকজনে তিনিটা বিশেষ কথাত চকু ৰাখিব লাগে। অৰ্থাৎ, মই যি অনুবাদ কৰিলোঁ, তাত তিনিটা বিষয় সঠিক হ’ব লাগিব। প্ৰথম বিষয়টো হৈছে, উৎস ভাষাত থকা কথাটোৰ অৰ্থ যাতে সদায়ে সঠিক হয়। দ্বিতীয়তে, উৎস ভাষাত থকা সেই অৰ্থ পটভূমি, কাহিনী আদি লক্ষ্য ভাষাতো স্বচ্ছ হ’ব লাগিব। তৃতীয় কথাটো হ’ল এয়ে যে অনুবাদ সদায়েই স্বাভাৱিক হ’ব লাগিব। উৎস ভাষাৰপৰা অলপো যদি পৰিৱৰ্তন কৰিব লাগে, সেই পৰিৱৰ্তন স্বাভাৱিক হোৱা উচিত। অৰ্থাৎ, সদায়ে সঠিক, স্বচ্ছ আৰু স্বাভাৱিক অনুবাদেহে পাঠকসকলক মোহাচ্ছন্ন কৰি ৰাখিব পাৰে।
সাহিত্য ডট অৰ্গ: বিদ্যায়তনিক বহু কৰ্মৰ ভিতৰৰ আপোনাৰ এক অনন্য কৰ্ম হ’ল ‘Wedding Saga of Brahmaputra and Champawati: A Myth and Reality’। একেদৰে, আপোনাৰ গৱেষণা পত্ৰ ‘Traditional Assamese Ornaments-A Special Reference to Ranthali’ বিদ্বৎ সমাজত উচ্চ প্ৰশংসিত হৈছে। আপোনাৰ এনেবোৰ সাহিত্য–কৰ্ম আপুনি বিভিন্ন ভাষালৈ অনুবাদ কৰিছে নেকি?
ড° সঞ্জয় দে: কথাটো অলপ বহলাই ক’লেহে তোমালোকে ধৰিব পাৰিবা। আচলতে, এনেবোৰ কাম বিভিন্ন অনুষ্ঠান বা প্ৰতিষ্ঠানৰ অধীনত সমাপন কৰা হয় আৰু এনে প্ৰকল্পত অৰ্থৰ কথাটো জড়িত হৈ থাকে। এনেবোৰ প্ৰকল্প যি অনুষ্ঠান বা প্ৰতিষ্ঠানৰ অধীনত কৰা হয়, সেই অনুষ্ঠান বা প্ৰতিষ্ঠানৰ সৈতে এক নিৰ্দিষ্ট সময়ৰ বাবে বান্ধ খাই থকা যায়। সেয়েহে, উক্ত অনুষ্ঠান বা প্ৰতিষ্ঠানৰ সন্মতি অবিহনে এনে প্ৰকল্পসমূহৰ অনুবাদ কৰিব পৰা নাযায়। কিন্তু, এনেবোৰ প্ৰকল্পৰ অনুবাদ কৰাটো উচিত। ভৱিষ্যতে এনেবোৰ প্ৰকল্পৰ অনুবাদৰ কাম কৰাৰ পৰিকল্পনা এটি মোৰ আছে।
সাহিত্য ডট অৰ্গ: অনুবাদৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হোৱাৰ উপৰিও অসমৰ লোক–সংস্কৃতিৰ ক্ষেত্ৰখনলৈয়ো আপুনি বিশেষ বৰঙণি আগবঢ়াই আহিছে। বিখ্যাত লোকসংস্কৃতিবিদ বৰুণ কুমাৰ চক্ৰৱৰ্তীৰ তত্ত্বাৱধানত পশ্চিমবঙ্গৰ মৃৎ শিল্প আৰু ইয়াৰ লোকায়ত জীৱন সম্পৰ্কে গৱেষণা কৰি বিদ্বৎ সমাজত আপুনি এগৰাকী লোকসংস্কৃতিৰ পণ্ডিত বুলি স্বীকৃত হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ লগতে লোকসংস্কৃতি অধ্যয়ন বিভাগতো গৱেষণা গুৰু হিচাপে আপুনি স্বীকৃতি লাভ কৰিছে। আপোনাৰ অধীনত বহুজন গৱেষকে পি এইচ ডি ডিগ্ৰীও আহৰণ কৰিছে। আপুনি পশ্চিমবঙ্গৰ বিখ্যাত লোকসংস্কৃতিবিদ শ্বেখ মকবুল ইছলামৰ জগন্নাথ সম্পৰ্কীয় অধ্যয়ন প্ৰকল্পতো জড়িত হৈ আছিল বুলি আমি জানিব পাৰিছোঁ। লোকসংস্কৃতিৰ এই বিশাল ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থাকি লোকসংস্কৃতিৰ বিষয়ত কিবা অনুবাদ কৰ্ম আপুনি আৰম্ভ কৰিছে নেকি?
ড° সঞ্জয় দে: আচলতে, লোকসংস্কৃতিৰ কামখিনি মূলতঃ শিক্ষায়তনিক কৰ্ম। ভাৰতবৰ্ষৰ মূল একাডেমিক ভাষা যিহেতু ইংৰাজী, গতিকে এই কামবোৰ মূলতঃ ইংৰাজীতেই হয়। পিছে, মই ভাবোঁ, মই যিকণেই জ্ঞান অৰ্জন কৰিছোঁ, সেয়া অতি সামান্য। কথাটো ছক্ৰেটিছৰ সেই সাধুটিৰ দৰেই। সাধুটো এনেধৰণৰ: ছক্ৰেটিছ পৃথিৱীৰ ভিতৰতে জ্ঞানী মানুহ বুলি প্ৰচাৰিত হ’ল। পিছে, কথাটো ছক্ৰেটিছক সোধা হ’লত তেওঁ ক’লে যে তেওঁ একোৱেই নাজানে। মানে, তেওঁ ক’লে যে তেওঁ এইটোৱেই জানে যে তেওঁ একো নাজানে। একেদৰে, আইনষ্টাইনক বিশ্বৰ ভিতৰতে সবাতোকৈ জ্ঞানী মানুহ বুলি কোৱা হ’ল। পিছে, আইনষ্টাইনে ক’লে যে তেওঁ কোনোপধ্যেই জ্ঞানী নহয়। তেতিয়া মানুহবোৰে আইনষ্টাইনক প্ৰকৃত জ্ঞানীনো কোন সুধিলে। আইনষ্টাইনে ক’লে যে আচলতে প্ৰকৃত জ্ঞানীজনে তেওঁ কি কি নাজানে, সেইটো বৰ ভালকৈ জানে। তেওঁ আকৌ ক’লে যে তেওঁ কি নাজানে, সেই বিষয়ে তেওঁৰ জ্ঞান সমুলি নাই। গতিকে, তেওঁ জ্ঞানীলোক বুলি নিজকে কাহানিও নাভাবে।
আচলতে, ময়ো সেইটোৱেই জানো যে মই আচলতে একোৱেই নাজানো। মোৰ যি পৰ্যবেক্ষণ, তাক মই ইংৰাজীত লিখিলেও বা লিখিবলৈ বাধ্য হ’লেও এই জ্ঞান মই সংগ্ৰহ কৰোঁ সমাজৰ একেবাৰে প্ৰান্তীয় মানুহখিনিৰপৰাহে কাৰণ তেওঁলোকেই হৈছে লোক বা ‘Folk’। তেওঁলোকৰপৰা আহৰণ কৰা জ্ঞানখিনিৰ সহায়তে মই প্ৰবন্ধৰাজিৰ চয়ন কৰোঁ। সেয়েহে, মোৰ জ্ঞানৰ প্ৰকৃত অংশীদাৰ হৈছে সমাজৰ এই মানুহবোৰহে। সেইবাবে, মই যিটো প্ৰবন্ধ ইংৰাজীত লিখোঁ, সেইটো এইসকল মানুহে পঢ়ি চোৱাটো আৱশ্যক বুলি মই অনুভৱ কৰোঁ। সেয়েহে, ইংৰাজীত লিখা প্ৰবন্ধটো এইসকল লোকে যাতে পঢ়ি চাব পাৰে, তাৰবাবে মই লেখাটি অসমীয়া, বাংলা, হিন্দী বা কেতিয়াবা বড়ো ভাষালৈয়ো অনুবাদ কৰোঁ। তোমালোকক এটা কথা জনাবলৈ পাই মই সন্তোষ অনুভৱ কৰিছোঁ যে মই অসমীয়া লোকসংস্কৃতিৰ চৰ্চাৰ ইতিহাসৰ ওপৰত ২০০৪ চনৰপৰা ২০০৬ চনলৈ এটা দীৰ্ঘ গৱেষণাৰ কাম কৰিছিলোঁ। এইটো মূলতঃ ‘বিশ্ববিদ্যালয় অনুদান আয়োগ‘ৰ সৈতে যুক্ত আছিল বাবে ইংৰাজীতেই লিখা হৈছিল যদিও পিছলৈ ইয়াক অসমীয়া, বাংলা আৰু বড়ো ভাষাতো প্ৰকাশ কৰা হৈছিল। এনেদৰে, লোকসংস্কৃতিৰ ক্ষেত্ৰখনতো ছেগাচোৰোকাকৈ মই অনুবাদৰ কৰ্ম কৰি আছোঁ।
সাহিত্য ডট অৰ্গ: আমি জনা অনুসৰি চেন্নাইৰ ‘আই আই টি’ৰ সৈতেও আপুনি অনুবাদ কৰ্ম এটিত জড়িত হৈ আছে। এই সম্পৰ্কে অনুগ্ৰহ কৰি আমাক অলপ জনাবনে?
ড° সঞ্জয় দে: হয়। আচলতে, অনুবাদৰ এয়া এক বিশাল প্ৰকল্প। তোমালোকক এই কথা জনাবলৈ পাই ভাল লাগিছে যে ‘DESICREW’ নামৰ সংগঠন এটিয়ে চেন্নাই ‘আই আই টি’ৰ সৈতে ২২ টা ভাৰতীয় ভাষাৰ ওপৰত অনুবাদৰ কাম কৰিবলৈ আগবাঢ়ি আহিছে। ইয়াৰ বাবে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰপৰা অনুবাদ কৰ্মত জড়িত অভিজ্ঞ লোকসকলক সমল ব্যক্তিৰূপে নিয়োজিত কৰা হৈছে। এই প্ৰকল্পৰ সমল ব্যক্তি হিচাবে মোকো নিয়োজিত কৰা হৈছে। আমি বৰ্তমান অনুবাদকসকলক নিয়োগ কৰিবলৈ প্ৰশ্ন কাকত প্ৰস্তুতকৰণ আৰু অন্যান্য কামত ব্যস্ত হৈ আছোঁ।
সাহিত্য ডট অৰ্গ: এগৰাকী অনুবাদক হিচাবে সমগ্ৰ ভাৰতবৰ্ষত অনুবাদৰ কাম কেনেধৰণে আগবাঢ়িছে, সেই সম্পৰ্কে অনুগ্ৰহ কৰি আমাক অলপমান জনাবনে?
ড° সঞ্জয় দে: হয়। তোমালোকে হয়তো আৰুণি কাশ্যপৰ নামটো জানা। তেওঁ University of Georgia ৰ এগৰাকী অধ্যাপক হিচাবে বৰ্তমান কৰ্মৰত হৈ আছে। তেওঁ এই ক্ষেত্ৰত বৰ ভাল কথা এষাৰ কৈছে। যি ভাষা অধিকসংখ্যক লোকে ব্যৱহাৰ কৰে অথবা যি ভাষাৰ আৰ্থ–ৰাজনৈতিক চাহিদা বেছি, তেনেবোৰ ভাষাত অনুবাদৰ কাম কৰাৰ প্ৰৱণতা অধিক হয়। সমগ্ৰ ভাৰতবৰ্ষত অধিক অনুবাদ হোৱা ভাষাটি হৈছে মালায়ালম। ইয়াৰ কাৰণ হ’ল, মালায়ালম ভাষাটো বহু সংখ্যক লোকে ব্যৱহাৰ কৰে। আনহাতে, পাশ্চাত্য সংযোগেও এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অৰ্থাৎ, যি ভাষাৰ সংযোগ পাশ্চাত্য সাহিত্য–সংস্কৃতিৰ লগত অধিক হয়, সেই ভাষাতো অনুবাদৰ কাম বহু পৰিমাণে হোৱা দেখা যায়। অসম আৰু উত্তৰ–পূৰ্বাঞ্চলৰ ভাষাসমূহৰ পাশ্চাত্য সংযোগ স্থাপন হোৱা ঘটনাটো বেছি দিনৰ নহয়। সেয়েহে, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত অনুবাদৰ কাম কম পৰিমাণতহে হোৱা দেখা গৈছে। অৱশ্যে, অনাগত দিনবোৰত অসমতো অনুবাদৰ কাম অধিক পৰিমাণে হ’ব বুলি মই আশাবাদী।
সাহিত্য ডট অৰ্গ: ছাৰ, অনুবাদৰ ক্ষেত্ৰত লিখকৰ অনুমতি লোৱাটো এটি নিয়ম বুলি আমি শুনিবলৈ পাওঁ। লিখকৰপৰা এই অনুমতি কেনেদৰে ল’ব পৰা যায়, সেই সম্পৰ্কে আমাক অলপ জনাবনে?
ড° সঞ্জয় দে: অনুমতি লোৱাৰ বিষয়টো আচলতে দুই ধৰণৰ। কোনো অনুষ্ঠান বা প্ৰতিষ্ঠানৰ অধীনত অনুবাদ কৰিবলগীয়া হ’লে, সেই অনুষ্ঠান বা প্ৰতিষ্ঠানৰদ্বাৰা নিৰূপিত নিৰ্দিষ্ট নিয়মাৱলী অনুবাদকজনে পালন কৰিব লাগে। এই ধৰা ‘সাহিত্য অকাডেমী’ৰ অধীনত অনুবাদ কৰিব লাগিলে ‘অকাডেমী’ৰদ্বাৰা পুৰস্কৃত গ্ৰন্থহে নিৰ্বাচন কৰি ল’ব লাগে। অকাডেমীৰদ্বাৰা পুৰস্কৃত গ্ৰন্থখনৰ অনুবাদ স্বত্ব তেতিয়া লিখকৰ হাতত নাথাকে। এই অনুবাদ স্বত্ব ‘সাহিত্য অকাডেমী’ৰ হাতলৈ আহে। অৰ্থাৎ, ‘সাহিত্য অকাডেমী’ৰদ্বাৰা পুৰস্কৃত গ্ৰন্থ অনুবাদ কৰিব খুজিলে অনুবাদকে অনুমতি ল’ব লাগিব ‘সাহিত্য অকাডেমী’ৰপৰা। ‘জ্ঞানপীঠ’ৰ ক্ষেত্ৰতো একে কথাই খাটে। আনহাতে, এনেধৰণৰ পুৰস্কাৰ নোপোৱা গ্ৰন্থ এখন অনুবাদ কৰিব খুজিলে অনুবাদকে লিখক বা লিখকে সৰ্বস্বত্ব প্ৰদান কৰা ব্যক্তি বা প্ৰকাশক গোষ্ঠীৰপৰা ল’ব লাগিব। অৰ্থাৎ, অনুমতি অবিহনে কোনো গ্ৰন্থ বা গ্ৰন্থখনৰ কোনো বিশেষ অংশ অনুবাদ কৰিব নোৱাৰি। অনুমতি সম্পৰ্কীয় আন এটা কথাও কৈ থওঁ। মানে, প্ৰকাশৰ পঞ্চাশ বছৰৰ পিছত গ্ৰন্থ এখনৰ অনুবাদ স্বত্ব কাৰো হাতত নাথাকে।
সাহিত্য ডট অৰ্গ: অনুবাদ ক্ষেত্ৰখনৰ প্ৰসাৰ কৰিবলৈ হ’লে নতুন লিখকসকল আগবাঢ়ি অহাটো নিশ্চয় খুব জৰুৰী। নতুন প্ৰজন্মৰ লেখক–লেখিকাসকলক অনুবাদৰ প্ৰতি আকৃষ্ট কৰি তুলিবলৈ কেনেধৰণে চেষ্টা কৰিব পৰা যায়?
ড° সঞ্জয় দে: হয়। নতুন প্ৰজন্মই অনুবাদৰ প্ৰতি গুৰুত্ব আৰোপ কৰাটো বাঞ্ছনীয়। সাহিত্যৰ মান বজাই ৰাখিবলৈ হ’লে অনুবাদ সাহিত্য পঢ়িব লাগিব বা অনুবাদ সাহিত্যত নিয়োজিত হ’ব লাগিব। অৰ্থাৎ, এজন সাহিত্যিকে যেতিয়া অধিক সংখ্যক সাহিত্য অধ্যয়ন কৰিব, তেতিয়াই তেওঁৰ সাহিত্যৰ উত্তৰণ হ’ব। সাহিত্যৰ অধ্যয়ন অকল মাতৃভাষাতে কৰাটো সমীচিন নহয়। বৰং, বিভিন্ন ভাষাত লিখা সাহিত্য অধ্যয়ন কৰাটোহে বাঞ্চনীয়। আচলতে, প্ৰতিটো ভাষাৰ লগত জড়িত হৈ থাকে এক বিশাল সংস্কৃতি আৰু এক এক ঐতিহ্যময় সভ্যতা। এটা ভাষাৰ সাহিত্য অধ্যয়নৰদ্বাৰা অকল সাহিত্যকেই অধ্যয়ন কৰা নহয়, বৰং সেই সাহিত্য অধ্যয়ন কৰি সেই ভাষাৰ সৈতে জড়িত সাহিত্য–সংস্কৃতিৰ সৈতেও পঢ়ুৱৈজনে সংযোগ স্থাপন কৰিব পাৰে। পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহক জনাৰ একমাত্ৰ উপায় হৈছে সেই ঠাইৰ সাহিত্য অধ্যয়ন কৰা। এজন সাহিত্যিকৰ সাহিত্য সৃষ্টিৰ মূল উৎসই হ’ল তেখেতে অৰ্জন কৰা বিচিত্ৰ অভিজ্ঞতাৰাজি আৰু সেই অভিজ্ঞতা আহৰণ কৰিবলৈ বিভিন্ন সাহিত্য অধ্যয়ন কৰা বিষয়টোতে লুকাই থাকে সাহিত্যিকজনৰ ঐকান্তিকতা।
আচলতে, সাহিত্য ৰচনা কৰিবলৈ হ’লে অনুবাদ কৰিবই লাগিব। সেইটো মই আগতেই কৈছোঁ। বাংলাত এটা কথা আছে, ‘খুঁতখুঁতে’ থকা। ইয়াৰ অৰ্থ হ’ল, কোনো বিষয়তে সন্তুষ্টি নথকা। অনুবাদৰ বাবে এই ‘খুঁতখুঁতে’ মনোভাবৰ প্ৰয়োজন হয়। অনুবাদকজনে অকল যান্ত্ৰিকভাবে অনুবাদ কৰা কথাটোৱে প্ৰকৃত অনুবাদ নুবুজায়। অনুবাদক এজনে যদি আজি কিবা এটি বিষয় অনুবাদ কৰিছে, সেয়া কিছুদিনলৈ পেলাই থোৱা উচিত। দিনচেৰেকৰ পিছত তেওঁ কৰি থোৱা অনুবাদটোৰ ভুলসমূহ তেওঁ হয়তো নিজেই দেখিবলৈ পাব। সেই ভুলসমূহ শুদ্ধ কৰি তেওঁ অনুবাদ কৰ্মটিক আকৌ পৰিশোধন কৰিব লাগিব। বাৰম্বাৰ পৰিৱৰ্তন আৰু পৰিশোধনৰ মাজেৰে আগবাঢ়ি গ’লেহে নতুন অনুবাদকসকলে সাফল্য অৰ্জন কৰিব পাৰিব বুলি মই ভাবোঁ।
সাহিত্য ডট অৰ্গ: ‘সাহিত্য ডট অৰ্গ’ গোটে অনুবাদ সাহিত্যলৈ কেনেদৰে বৰঙণি আগবঢ়াব পাৰে, সেই সম্পৰ্কে অনুগ্ৰহ কৰি আমাক অলপমান দিহা– পৰামৰ্শ দিব নেকি?
ড° সঞ্জয় দে: মই ভাবোঁ, অনুবাদৰ ক্ষেত্ৰখনত আজিকালি দুটা বিষয় বৰ সহজ হৈ পৰিছে। ইয়াৰ প্ৰথম বিষয়টো হৈছে প্ৰকাশ। আগতে এখন কবিতাৰ কিতাপ প্ৰকাশ কৰিবলৈ দুই–তিনি বছৰ লাগিছিল। কিন্তু, এতিয়া এয়া ধৰা পোন্ধৰ মিনিটৰে কাম। আজিকালি প্ৰকাশৰ মাধ্যম সূচল আৰু সহজ হৈ পৰিছে। অনুবাদৰ ক্ষেত্ৰত সহজ হৈ পৰা আনটো বিষয় হ’ল, মাতৃভাষাৰ উপৰি আন সাহিত্য অধ্যয়নৰ সুবিধা। যিহেতু গোটেই বিশ্ব এতিয়া সাংঘাতিকভাৱে সৰু হৈ গৈছে আৰু পাৰস্পৰিক সংযোগ বহু পৰিমাণে সহজ হৈ পৰিছে, সেয়েহে অনুবাদক এগৰাকীয়ে আন সাহিত্যিৰ বিষয়ে জনাটো সহজ কথা হৈ পৰিছে। এনেবোৰ কাৰণত অনুবাদ কৰাটোও বৰ্তমান সহজ হৈ পৰিছে। এনেবোৰ সুবিধা গ্ৰহণ কৰি ‘অনলাইন’তে অনুবাদ গোষ্ঠী একোটা গঢ়ি তোলাটোও বৰ্তমান এক সহজ বিষয়। চাৰি–পাঁচজন মিলি বিভিন্ন ভাষাৰ সাহিত্যৰ পাঠসমূহৰ অনুবাদ কৰিব পাৰে। অৱশ্যে, এইক্ষেত্ৰত মই এটা কথা ক’বলৈ বিচাৰিম। মানে, মই ভাবোঁ যে বিভিন্ন বিদেশী ভাষাৰ পাঠসমূহ অনুবাদ কৰাতকৈ বিভিন্ন ভাৰতীয় ভাষাত অনুবাদ কৰ্ম সম্পন্ন হ’লেহে আমাৰ অধিক লাভ হ’ব। একেদৰে, লিখিত বা মৌখিক ভাষাত থকা সাহিত্যৰ অনুবাদ কৰাটোও এক জৰুৰী বিষয় বুলি মই অনুভৱ কৰোঁ। অৱশ্যে, এই ক্ষেত্ৰত অনুবাদৰ কাম কৰা লোকসকলৰ ভাষিক বিচাৰ শক্তি (linguistic rationality) থকাটো বাঞ্চনীয় বুলি মই ভাবোঁ।
সাহিত্য ডট অৰ্গ: অনুবাদ সম্পৰ্কে ইমানখিনি কথা আপুনি অতি প্ৰাঞ্জল ভাষাত প্ৰকাশ কৰিলে। আশাকৰোঁ, আপোনাৰ দ্বাৰা বিবৃত অনুবাদ সম্পৰ্কীয় এইসমূহ তথ্য আৰু বিৱৰণে আমাৰ আলোচনীখনৰ পাঠকসকলক উপকৃত কৰিব। ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰপৰা পুনৰবাৰ আপোনাক ধন্যবাদ জনাই আজিলৈ মেলানি মাগিছোঁ। শুভৰাত্ৰি ছাৰ।
ড° সঞ্জয় দে: অনুবাদ সম্পৰ্কীয় কথাবোৰ তোমালোকক ক’বলৈ পাই মই সঁচাকৈয়ে আহ্লাদিত হৈ পৰিলোঁ। তোমালোককো মোৰ ফালৰপৰা ধন্যবাদ জনাইছোঁ আৰু ‘সাহিত্য ডট অৰ্গ’ৰ স’তে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। শুভৰাত্ৰি।