বেটুপাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
নিৰ্বাচিত প্ৰবন্ধ
নিৰ্বাচিত প্ৰবন্ধ
ছবিখনৰ এটি দৃশ্য
ৰূপহী (ইংৰাজী: Rupahi) ১৯৪১ চনত মুক্তিপ্ৰাপ্ত চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ৷ দ্বিতীয় মহাসমৰৰ দপ্‌দপনিৰ মাজতে ৰূপহী নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়। পাৰ্ৱতি প্ৰসাদ বৰুৱাই বৰুৱা বোলছবি, ৰূপালী পাম নাম দি এটা চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিষ্ঠানৰ জন্ম দিয়ে। এই প্ৰতিষ্ঠানৰ বেনাৰতে ৰূপহী নিৰ্মাণ কৰা হয়। ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰাৰ উপৰিও পাৰ্ৱতি প্ৰসাদে ছবিখনৰ চিত্ৰনাট্য, সংলাপ আৰু গীতি-সাহিত্য ৰচনা কৰে আৰু সংগীত পৰিচালনাৰো দায়িত্ব লয়। কমলেশ্বৰ চলিহাৰ এটা চুটি গল্পৰ আধাৰত ৰূপহীৰ কাহিনী গঢ় লৈ উঠে। অৱশ্যে পাছলৈ মূল গল্পৰ লগত ছবিখনৰ কাহিনীৰ অমিল দেখা যায়। তাৰ কাৰণ তলত উল্লেখ আছে। প্ৰথম অংশৰ দৃশ্যগ্ৰহণ মাজুলীত কৰা হৈছিল। দক্ষিণপাট সত্ৰৰ ৰাস-নৃত্য আৰু ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াৰ দৃশ্য তুলি কলিকতালৈ অন্তৰ্দৃশ্যৰ চিত্ৰগ্ৰহণৰ বাবে যোৱা হয়। কলিকতাত গম পোৱা যায় যে অসমত কৰা দৃশ্যগ্ৰহণৰ এখনো ছবি নুঠিল। সেয়ে পাৰ্ৱতি প্ৰসাদে সেই অংশ বাদ দি গোটেই গল্পটোকে নকৈ সজাই লবলগীয়া হয়। তাৰ ফলতে বিয়োগান্ত গল্পটো মিলনান্ত গল্পলৈ পৰিৱৰ্তন কৰা হয়। কলিকতাৰ শ্ৰী ভাৰত লক্ষ্মী ষ্টুডিঅত ছেট সাজি ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হয়। ১৯৪১ চনৰ ৩০ আগষ্ট তাৰিখে কলিকতাৰ 'পূৰবী থিয়েটাৰ'ত ছবিখনৰ প্ৰিমিয়াৰ কৰা হৈছিল। ১৯৪১ চনৰ ৬ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ 'সতী টকী হাউছ'ত (বৰ্তমানৰ বিজুলী চিনেমা ঘৰ) ছবিখন মুক্তি দিয়া হয়। (ইয়াত বিতংকৈ পঢ়ক)
আপুনি জানেনে?
আপুনি জানেনে...
নাৰীৰ বাবে ভোটাধিকাৰ বিচাৰি ১৯১৪ চনৰ নাৰী দিৱসৰ পোষ্টাৰ।
নিৰ্বাচিত চিত্ৰ
নিৰ্বাচিত চিত্ৰ
অসমৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত দৃষ্টিগোচৰ হোৱা এটি নীলবৰণীয়া মাছৰোকা
অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত বিস্তৃত হৈ থকা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত এটি নীলবৰণীয়া মাছৰোকা

আলোকচিত্ৰ শিল্পী: নেজিব আহমেদ
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...


Wikipedia-logo.svg
পৰিচিতি
"ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। "ৱিকিমিডিয়া ফাউণ্ডেশ্যনে" ২০০১ চনত প্ৰথমতে ইংৰাজী ৱিকিপিডিয়াৰপৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে প্ৰায় ৪০ নিযুত প্ৰবন্ধ সম্বলিত ৩০১ টা ভাষাৰ ৱিকিপিডিয়া মুকলি হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ৫০০ নিযুত মানুহে ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব।

এই ৱিকিপিডিয়াবোৰত তথ্যৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে যিকোনো ৱিকিপিডিয়াৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি।

ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়াৰ তত্বাৱধানত ৱিকিচ’ৰ্ছ (ৱিকিউৎস), ৱিক্স্যনেৰী (ৱিকি-অভিধান), ৱিকিনিউজ (ৱিকিসংবাদ) আদি বিভিন্ন সহ-উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।

Wiki letter wo.svg
সহায়
ৱিকিপিডিয়ানৰ হাতপুথি
সাহায্য

আদৰণি · পাতনি · পৰিচয় · সহায়িকা · সমল · সাহায্য কেন্দ্ৰ · প্ৰশ্নসমূহ · অৰ্থকোষ · নতুন প্ৰবন্ধ সৃষ্টি · টাইপিং · পুৰীয়া

নীতি আৰু নিৰ্দেশাৱলী

নীতি আৰু নিৰ্দেশাৱলী · পঞ্চস্তম্ভ · ৱিকিপিডিয়া কি নহয় · নিৰপেক্ষ দৃষ্টিভংগী · উল্লেখযোগ্যতা · মৌলিক গৱেষণাৰহিত লেখা · কপিৰাইট · বিশ্বাসযোগ্যতা · সম্পাদনা নীতি · দায়লুপ্তি

আচৰণবিধি

শিষ্টাচাৰ · ব্যক্তিগত আক্ৰমণ নকৰিব · হাৰাশাস্তি · সম্পাদনা দ্বন্দ্ব · মতবিৰোধ সমাধান · ঐক্যমত · ধ্বংসপ্ৰৱণতা

বিষয় সূচী
অসম
Assamese Jaapi.png

অসম · অসমৰ জিলা · ভাষা আৰু লিপি · লোক-সংস্কৃতি · জনগোষ্ঠী · বুৰঞ্জী · প্ৰসিদ্ধ ব্যক্তি · অসমীয়া সাহিত্য · অসমৰ সংগীত · অসমৰ চলচ্চিত্ৰ

ভাৰত
Flag of India.svg

ৰাজ্যসমূহ · ভাষাসমূহ · নদীসমূহ · সংস্কৃতি · উৎসৱ · বুৰঞ্জী · ৰাজনীতি · প্ৰসিদ্ধ ব্যক্তি · শিক্ষা

দেশ-বিদেশ
World Map Icon.svg

মহাদেশ · ৰাষ্ট্ৰসমূহ · নগৰ-মহানগৰ · পৰ্যটন

মানৱ বিজ্ঞান
HP people.png

কলা · অৰ্থনীতি · ৰাজনীতি বিজ্ঞান · সমাজবিদ্যা · ভূগোল · ইতিহাস আৰু প্ৰাক-ইতিহাস · ভাষা বিজ্ঞান · দৰ্শন · শিক্ষা

সাহিত্য আৰু সংস্কৃতি
Books-aj.svg aj ashton 01.svg

সাহিত্য · সংগীত · ধৰ্ম · বঁটা আৰু সন্মান

জীৱনী
David face.png

অসমৰ প্ৰসিদ্ধ ব্যক্তি · ভাৰতৰ প্ৰসিদ্ধ ব্যক্তি · বিজ্ঞানী‎ · চলচ্চিত্ৰ শিল্পী · কণ্ঠশিল্পী‎ · সকলো

বিজ্ঞান
PrirodneNauke.svg

গণিত · পদাৰ্থ বিজ্ঞান · ৰসায়ন বিজ্ঞান · প্ৰাণীজগত · উদ্ভিদজগত · চিকিৎসা বিজ্ঞান · জ্যোতিৰ্বিজ্ঞান · কম্পিউটাৰ বিজ্ঞান · প্ৰযুক্তি · পৰিৱেশ বিজ্ঞান · নৃতত্ব · পূৰাতত্ব

মনোৰঞ্জন
Exquisite-xine.png

বোলছবি · দূৰদৰ্শন · ভ্ৰাম্যমাণ থিয়েটাৰ · পাকঘৰ · ইণ্টাৰনেট · খেল

ৱিকিপিডিয়া
Wikipedia-logo.svg

আৰম্ভণি · ৱিকিপিডিয়াৰ নীতি · ৰাইজৰ চ'ৰা · শেহতীয়া ঘটনাৱলী · অৰ্থকোষ · পৰীক্ষাগাৰ

অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ: (বিতং তথ্য:):