অৰণ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

অৰণ্য বা জংঘল (ইংৰাজী: Forest) হ'ল ঘন বিভিন্ন প্ৰকাৰৰ উদ্ভিদৰ দ্বাৰা ঘেৰা এক এলেকা।[1] বিভিন্ন মাপকাঠিৰ ভিত্তিত, অৰণ্যৰ নানান ধৰনৰ সংজ্ঞা আছে।[2][3][4] ব্যাপকভাবে ব্যবহৃত[5][6] ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ সংজ্ঞা অনুযায়ী, ২০০৬ চনত অৰণ্য চাৰি বিলিয়ন হেক্টৰ (১৫ মিলিয়ন বৰ্গ মাইল) বা বিশ্বৰ ভূমিৰ প্ৰায় ৩০ শতাংশ এলেকা জুৰি আছে।[4] এই অৰণ্যাঞ্চল অনেক প্ৰাণীৰ লালনক্ষেত্ৰ হিচাপেও যেনে কাজ কৰে তেনেকৈ বিভিন্ন নদী-নলাৰ পথ পৰিবৰ্তন, মাটি সংৰক্ষণৰ দৰে কাজ কৰে। পৃথিৱীৰ জীৱমণ্ডলৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ হৈছে অৰণ্য।[7] যদিও প্ৰাথমিকভাবে অৰণ্যত থকা গছৰ বৈশিষ্ট্য অনুযায়ী অৰণ্যৰ বৈশিষ্ট্য নিৰ্দিষ্ট কৰা হয়। ই হ'ল অক্সিজেনৰ এক বিপুল সৰবৰাহকাৰী। এণ্টাৰ্কটিকাক বাদ দি অন্য সকলো মহাদেশতেই অৰণ্য আছে। গ্ৰীষ্মকালত দহ ডিগ্ৰী ছেলছিয়াছৰ বেছি তাপমাত্ৰা আৰু বাৰ্ষিক ৭৫ ছেণ্টিমিটাৰ বৰ্ষাপাত হোৱা স্থান অৰণ্য গঢ়ি উঠাৰ পক্ষে উপযোগী।

অৰণ্য ধ্বংসৰ কাৰণ[উৎস সম্পাদনা]

লাখ লাখ বছৰ আগে পৃথিৱীৰ প্ৰায় ৬০ শতাংশই অৰণ্যাবৃত আছিল। আমূল জলবায়ুৰ পৰিবৰ্তন, হিমশৈলৰ চলন আৰু মানুহৰ কাৰ্যকলাপৰ বাবে বিপুল অৰণ্যভূমি নষ্ট হৈছে। বৰ্তমানে মানুহে নিৰ্দয়ভাবে গছ কটাৰ বাবে অৰণ্যাঞ্চল ধ্বংসৰ পথত। ইয়াৰোপৰি ঘৰ নিৰ্মানত কাঠৰ দৰকাৰৰ বাবে গছ কটা হয়।

অৰণ্য বাস্তুসংস্থান[উৎস সম্পাদনা]

টাচমেনিয়াৰ নাতিশীতোষ্ণ বৰ্ষাৰণ্য
মন্টেনিগ্ৰ'ৰ অৰণ্য
মাডাগাস্কাৰৰ অৰণ্য
বেলনিয়ামৰ ঘন অৰণ্য

গছ গজিব পৰা সকলো এলেকাত অৰণ্য পোৱা যায়। গছ গজিব পৰা উচ্চতা পৰ্যন্ত (ট্ৰি লাইন) গছ গজে। বহু ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰমো দেখা পোৱা যায়। যেতিয়া কোনো প্ৰাকৃতিক কাৰণত কোনো অঞ্চলত বাৰে বাৰে জুই লগাৰ ঘটনা ঘটিছে বা অন্যান্য সমস্যা অথবা মানুহৰ কোনো কামৰ ফলত পৰিবেশৰ ব্যাপক পৰিবৰ্তন আহিছে, এনে এলেকাত অৰণ্যাঞ্চল দেখা পোৱা নেযায়।

বিষুৱ ৰেখাৰ ১০° উত্তৰ আৰু দক্ষিণ অক্ষাংশ অঞ্চলৰ অধিকাংশ হৈছে ক্ৰান্তীয় বৰ্ষাৰণ্য প্ৰভাৱিত অঞ্চল। আৰু ৫৩° উত্তৰ আৰু ৬৭° উত্তৰ দ্ৰাঘিমাংশৰ মাজত আছে উত্তৰৰ অৰণ্য।

বহু প্ৰাণী আৰু বিভিন্ন প্ৰজাতিৰ গছৰ বাসস্থান হ'ল অৰণ্য। অন্যান্য উদ্ভিদজগতৰ তুলনাত এই অঞ্চলৰ ইউনিট প্ৰতি জৈৱবস্তু বা বায়োমাছ অনেক বেছি থাকে। ভূ−গৰ্ভৰ জৈৱিক পদ্ধতি আৰু গছৰ আংশিকভাবে পচন ঘটা বৰ্জ্য বস্তুৰ পৰাই বেছি ভাগ সময়ত এই জৈৱবস্তু তৈয়াৰ হয়। অৰণ্যৰ কাঠত যি যৌগ আছে তাৰ ভিতৰত লিগণিন থাকে। ছেলুল'জ বা কাৰ্ব'হাইড্ৰেটৰ দৰে জৈৱপদাৰ্থৰ তুলনাত এই পদাৰ্থবোৰৰ পচন অপেক্ষাকৃতভাৱে ধীৰ গতিত হয়।

গছ−গছনিৰ আচ্ছাদন কিমান দূৰ পৰ্যন্ত বিস্তৃত হৈছে তাৰ ওপৰত ভিত্তি কৰি অৰণ্যৰ সৈতে অৰণ্যভূমিৰ পাৰ্থক্য নিৰ্ণয় কৰা হয়। অৰণ্যৰ বিভিন্ন গছৰ শাখা আৰু পত্ৰসমষ্টিয়ে ওপৰৰ ফালে এক আচ্ছাদনৰ সৃষ্টি কৰে। যদিও অৰণ্যত এনে আচ্ছাদন থাকে, তথাপি তাৰ ভিতৰত কিছুমান ফাঁক থাকে। অৰণ্যভূমিৰ ডাঙৰ ডাঙৰ গছ থকা এলেকাত বহুতো খোলা অঞ্চল পোৱা যায়, বহুতো গছৰ মধ্যতো অনেক এনে ঠাই থাকে। যাৰ ফলত তাৰ মাজেৰে মাটিলৈ অধিক পৰিমানে সূৰ্যৰ পোহৰ আহিব পাৰে।

আৰু চাওক[উৎস সম্পাদনা]

তথ্য সংগ্ৰহ[উৎস সম্পাদনা]

  1. "Forest". Dictionary.com. 2014-11-16. http://dictionary.reference.com/browse/forest. 
  2. Schuck, Andreas; Päivinen, Risto; Hytönend, Tuomo; Pajari, Brita (2014-11-16). "Compilation of Forestry Terms and Definitions" (pdf). প্ৰকাশক Joensuu, Finland: European Forest Institute. http://www.efi.int/files/attachments/publications/ir_06.pdf. 
  3. "Definitions: Indicative definitions taken from the Report of the ad hoc technical expert group on forest biological diversity". Convention on Biological Diversity. 2014-11-16. http://www.cbd.int/forest/definitions.shtml. 
  4. 4.0 4.1 "Forest definition and extent" (pdf). United Nations Environment Programme. 2010-01-27. http://www.unep.org/vitalforest/Report/VFG-01-Forest-definition-and-extent.pdf. 
  5. "Comparative framework and Options for harmonization of definitions". Second Expert Meeting on Harmonizing Forest-Related Definitions. FAO. 2014-11-26. http://www.fao.org/docrep/005/y4171e/y4171e10.htm. 
  6. Johnson, F.X.; Pacini, H.; Smeets, E (2013). Transformations in EU biofuels markets under the Renewable Energy Directive and the implications for land use, trade and forests. CIFOR. পৃষ্ঠা. 32. ISBN 9786028693813. http://books.google.com/?id=apBDAgAAQBAJ&pg=PA32&lpg=PA32&dq=forest+definition+%22widely+used%22#v=onepage&q=%20%22widely%20used%22&f=false. 
  7. Pan, Yude; Birdsey, Richard A.; Phillips, Oliver L.; Jackson, Robert B. (2013). "The Structure, Distribution, and Biomass of the World’s Forests". Annu. Rev. Ecol. Evol. Syst. খণ্ড 44: 593–62. https://www.forestplots.net/upload/publication-store/2013/Pan/AnnRevEcolEvoSyst_Pan_et_al_2013_World_Forests.pdf. 

বহিঃসংযোগ[উৎস সম্পাদনা]